তিনিচুকীয়া জিলা সমিতিৰ উপায়ুক্ত কাৰ্যালয় ঘেৰাও কাৰ্যসূচী

 12/03/2019 - 14:55

তিনিচুকীয়াঃ তিনিচুকীয়াত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ তিনিচুকীয়া জিলা সমিতিৰ উপায়ুক্ত কাৰ্য্যালয় ঘেৰাও কাৰ্যসূচী ।"ইছলাম আৰু কুৰ‌আনৰ কলংকৃত কথাবোৰ " শীৰ্ষক গ্ৰন্থৰ লেখক সত্যৰঞ্জন বৰাক অতিশীঘ্ৰে গ্ৰেপ্তাৰৰ দাবীৰে প্ৰতিবাদ সংগঠনটোৰ। লেখক বৰাই তিনিচুকীয়াত সংবাদমেল সম্বোধন কৰি ইছলাম আৰু কুৰাণ সম্পৰ্কে বিতৰ্কিত মন্তব্য কৰিছিল। সংগঠনটোৰ প্ৰায় দুই শতাধিক কৰ্মীয়ে তিনিচুকীয়া থানা চাৰি আলিৰ পৰা উপায়ুক্ত কাৰ্য্যালয়লৈ প্ৰতিবাদী সমদল বাহিৰ কৰি লেখকগৰাকীক অতিশীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনাই। ইফালে অতিশীঘ্ৰে গ্ৰেপ্তাৰ নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰো হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।