লামডিং ৰে’লৱে ষ্টেচনত টকাসহ ১০ কিলোগ্রাম গাঞ্জা উদ্ধাৰ

 12/04/2019 - 16:17

লামডিংঃ জি আৰ পিয়ে দুজন যুৱক সহ উদ্ধাৰ কৰে ৪৭ লাখ টকা আৰু ১০ কিলো গ্রাম গাঁজা ৷ নামনিমুৱা ডিব্ৰুগড়-ৰঙিয়া ৰে’লখনত জি আৰ পিয়ে তালাচী চলাই উদ্ধাৰ কৰে টকাখিনি৷ বিকাশ চাহু নামৰ যুৱকজনে নাজিৰাৰ পৰা গুৱাহাটীলৈ লৈ গৈ আছিল টকা খিনি৷ দিনে দিনে অপৰাধীৰ ৰণভূমিলৈ পৰিণত হৈছে লামডিং শহৰ। বৰ্তমান বিকাশ সাহুক লামডিং জি আৰ পিয়ে আটক কৰি সোধ পোছ অব্যাহত ৰাখিছে ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।