বাক্সা জিলাৰ মুছলপুৰত ট্ৰেজাৰী অফিচৰ মন্মথ দাসে উৎকোচ অবিহনে নকৰে কামকাজ

 12/05/2019 - 18:26

ডিজিটেল ডেক্সঃ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা সোণোৱাল চৰকাৰৰ কৰ্মচাৰীয়ে খোদ কাৰ্যালয়ৰ টেবুলতে মুকলিকৈ উৎকোচ লয়৷ বাক্সা জিলাৰ মুছলপুৰ কোষাগাৰত দৰমহাকে ধৰি যিকোনো বিল পাছৰ নামত এনেকৈ দিব লাগে উৎকোচ৷ ভুক্তভোগীৰ গোপন কেমেৰাত বন্দী কাৰ্যালয়টোত কৰ্মৰত এগৰাকী কৰ্মচাৰী গৰাকীয়ে উৎকোচ লৈ থকা মুহূৰ্তৰ দৃশ্য৷ উল্লেখযোগ্য যে, কোষাগাৰটোত যিকোনো বিল পাছৰ নামত শিক্ষক, পেঞ্চনাৰকে ধৰি সকলোকে কোষাগাৰটোৰ বিষয়া-কৰ্মচাৰীসকলে যথেষ্ট হাৰাহাস্তি কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে দীৰ্ঘদিনৰে পৰা৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।