
ডুমডুমাঃ ডুমডুমাৰ বৰহাপজান নিবাসী ওমপ্ৰকাশ গুপ্তা নামৰ এগৰাকী 60 উৰ্দ্ধৰ লোক এজনৰ বিৰোধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী সম্বন্ধীয় যুৱতীয়ে| ওমপ্ৰকাশ গুপ্তা নামৰ লোকজনৰ পুত্ৰ বোৱাৰীৰ ভগ্নী যোৱা জুলাই মাহৰ 15 তাৰিখে বায়েকৰ ঘৰলৈ আলহি আহিছিল| নিশা যুৱতি গৰাকী অকলে শুই থকা বিচনালৈ গৈ ওমপ্ৰকাশ গুপ্তাই যুৱতি গৰাকীৰ গাত হাত দিয়াত যুৱতি গৰাকীয়ে চিঞৰি সকলোকে মাতি আনে| কিন্তু বায়েকৰ স্বামীৰ পৰিয়ালৰ তৰফৰ পৰা যুৱতি গৰাকীক সমাজত মান-সন্মান নষ্ট হোৱাৰ কথা কয় বিষয়টো শাম কাটিবলৈ বাধ্য কৰাই|
পৰৱৰ্তী সময়ত দিন ওকলি যোৱা পিচত যুৱতি গৰাকীৰ বায়েকৰ ওপৰত ওমপ্ৰকাশ গুপ্তাৰ পৰিয়ালে যৌতুক বিচাৰি সাৰাশাস্তি কৰি ঘৰৰ পৰা ওলিয়াই দিয়াত এই ঘটনা পোহৰলৈ আহিছে| দুই ভগ্নীয়ে পৃথকে ডুমডুমা আৰক্ষী থানাত এজাহাৰ দিছে যদিও তেওঁলোকৰ অভিযোগ অনুসৰি আৰক্ষীয়ে ঘটনাটোত নিৰৱ ভুমিকা পালন কৰি আছে|