কেবৰ বিৰুদ্ধে ভূৰাগাৱঁত মিঞা পৰিষদৰ তীব্ৰ প্ৰতিবাদ

 12/06/2019 - 17:42

লাহৰীঘাটঃ সমগ্ৰ ৰাজ্যতে কেবৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ মুখৰ হৈ থকা সময়তে মৰিগাঁৱৰ ভূৰাগাঁৱত শুকুৰবাৰে মিঞা অসমীয়া পৰিষদে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। অসম মিঞা অসমীয়া পৰিষদৰ ভূৰাগাঁও আঞ্চলিক সমিতিয়ে স্থানীয় কেইবা শতাধিক ৰাইজৰ সহযোগত ভূৰাগাৱঁৰ নতুন বজাৰৰ মাজ মজিয়াত গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্ত্তি দাহ কৰি কেবৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

কেন্ত্ৰীয় চৰকাৰ হায় হায়; সৰ্বানন্দ সোণোৱাল গ' বেগ; বিজেপি চৰকাৰ গ'বেগ আদি চৰকাৰ বিৰোধী বিভিন্ন শ্লো’গানেৰে ৰাজপথ উত্তাল কৰি তোলে। অসমীয়া জাতিক নি:শেষ কৰিব বিচৰা কেন্দ্ৰীয় চৰকাৰে জোৰ কৰি জাপি দিব বিচৰা কেবক কেতিয়াও মানি নলয় বুলি অসম মিঞা অসমীয়া পৰিষদে সকীয়াই দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।