ৰাজ্যত সোমাইছে কোটি কোটি টকাৰ বিদেশী চিগাৰেট

 12/07/2019 - 13:16

কামৰূপঃ ৰাজ্যত বিদেশী চিগাৰেটৰ ৰমৰমীয়া ক’লা বেহা। ৰাজ্যৰ বজাৰত এতিয়া সুলভ হংকং, কোৰিয়াৰ বিলাসী চিগাৰেট। ম্যানমাৰৰ মৰে হৈ অসম মূলকত প্ৰবেশ কৰে ট্ৰাকে ট্ৰাকে চোৰাং চিগাৰেট। ৰাজধানী চহৰৰ গুৱাহাটী মহানগৰীৰ পৰা নিয়ন্ত্ৰিত হয় চিগাৰেট স্মাগলিঙৰ ক’লা সাম্ৰাজ্য। আমিনগাঁৱত কামৰূপ আৰক্ষীৰ অভিযানত জব্দ ৫০ লক্ষ্যাধিক টকা মূল্যৰ অবৈধ বিদেশী চিগাৰেট। সোধপোচৰ বাবে কামৰূপ আৰক্ষীয়ে আটক কৰে এজনক। গোপন সূত্ৰৰ পমখেদি কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়া আৰু উপ আৰক্ষী অধীক্ষক কল্যান পাঠকে উত্তৰ গুৱাহাটী আৰক্ষী চকীৰ যৌথ অভিযানত জব্দ কৰে ৫০ কাৰ্টুন চিগাৰেট।

৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে WB ২৩ C ৫০৩৮ নম্বৰৰ কন্টেইনাৰ ট্ৰাকখন পশ্চিম বংগ অভিমুখে চিগাৰেটখিনি সৰবৰাহ কৰা অৱস্থাতে জব্দ কৰে আৰক্ষীয়ে। উত্তৰ গুৱাহাটী আৰক্ষী চকীৰ সন্মুখতে খাপ পিটি থকা কামৰূপ আৰক্ষীৰ এটা বৃহৎ দলে বাহনসহ জব্দ কৰে বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেটখিনি। প্ৰাপ্ত তথ্য অনুসৰি অবৈধ বিদেশী চিগাৰেটসমূহ টাটা পিকআপ ভানত আনি মহানগৰীৰ খানাপাৰা, যোৰাবাটত পশ্চিম বংগলৈ বুলি ট্ৰাকত লোডিং আনলোডিং কৰা হয়। এই সন্দৰ্ভত কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়াই সংবাদ মাধ্যমক কয় এনেদৰে ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।