দেৰগাঁও ইউনাইটেড বেংকৰ পৰা প্ৰায় ২০ লাখ টকা লুটিলে চোৰে

 12/07/2019 - 15:29

দেৰগাঁওঃ দেৰগাঁও ইউনাইটেড বেংকৰ পৰা প্ৰায় ২০ লাখ টকা লুটিলে চোৰে। ৰাতি লকাৰ কাটি নিলে টকা ইউনাইটেড বেংক অৱ ইণ্ডিয়াৰ দেৰগাঁও শাখাৰ পৰা। শুকুৰবাৰে ৰাতি চোৰে লুটিলে ১৯ লাখ ২০ হাজাৰ ৭শ টকা। নিশা চোৰে বেংকৰ পিছফালৰ দুৱাৰ ভাঙি লকাৰ থকা স্থানৰ লোহা জালনা কাটি লকাৰ ইলেকট্রনিক কাটাৰেৰে কাটি উলিয়াই লৈ যায় টকাখিনি।

ঘটনাস্থলিত গোলাঘাটৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিং উপস্থিত হৈ সমগ্র ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। চুৰি কাণ্ডৰ আঁৰত প্ৰকৃততে কোন জড়িত আছে আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।