ৰাজ্যত পিঁয়াজৰ আকাশলংঘী মূল্যই সাধাৰণ ৰাইজক শোধাইছে মাধমাৰ

 12/08/2019 - 14:07

যোগীঘোপাঃ ১৩০ টকীয়া ৰঙা পিঁয়াজে কন্দুৱাইছে যোগীঘোপাবাসীক৷ পিঁয়াজৰ আকাশলংঘী মূল্যই সাধাৰণ ৰাইজক শোধাইছে মাধমাৰ৷ পাইকাৰী বজাৰৰ পৰা খুচুৰা বজাৰতো বাঢ়িছে এতিয়া পিঁয়াজৰ মূল্য৷ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ নিজ জিলাত নিয়ন্ত্ৰণহীণ পিঁয়াজৰ মূল্য। বহিঃৰাজ্যত পিঁয়াজৰ মূল্যবৃদ্ধিয়ে কন্দুৱাইছে অসমৰ গৃহিনীক। শেহতীয়াকৈ ৰাজ্যৰ প্ৰতিখন বজাৰত অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে পিঁয়াজৰ মূল্য। ৰাজ্যৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফনীভূষন চৌধুৰীৰ নিজ গৃহজিলাতেই খুচুৰা বজাৰত পিঁয়াজ বিক্ৰী হৈছে প্ৰতিকিলোগ্ৰামত ১৫০ টকাকৈ।

বঙাইগাঁও জিলাৰ যোগীঘোপাৰ কাবাইটাৰী পাইকাৰী বজাৰত পিঁয়াজৰ পাইকাৰী মূল্য ১৩০ টকা। আকাশ চুইছে পিঁয়াজৰ মূল্যই। ৰাজ্য চৰকাৰে খাদ্য-সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাত সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বঙাইগাঁও জিলাৰ যোগীঘোপাত অস্বাভাৱিক ভাৱে মূল্যবৃদ্ধি হৈছে আহিছে পিয়াঁজৰ। যোগীঘোপাৰ কাবাইটাৰীস্থিত পাইকাৰী সাপ্তাহিক বজাৰত নামনি অসমৰ চিৰাং, গোৱালপাৰা, ধুবুৰী আদি জিলাৰলোক সমাগম হয়। কিন্তু এতিয়া আকাশলংঘী মূল্যবৃদ্ধিয়ে চিন্তিত কৰি পেলাইছে খুচুৰা ব্যৱসায়ী আৰু গ্ৰাহকক।

আনহাতে যোগীঘোপাৰ কাবাইটাৰীৰ পিঁয়াজৰ পাইকাৰী ব্যৱসায়ীসকলে জানিব দিয়া মতে যোগীঘোপাত পশ্চিমবঙ্গৰ পৰা আমদানি কৰা হয় পিঁয়াজ। পশ্চিমবঙ্গত আজিৰ দিনটোত পিঁয়াজৰ পাইকাৰী মূল্য প্ৰতি কুইন্টলত ১২০০০ টকাৰ পৰা ১২৫০০ টকা। গতিকে খুচুৰা বজাৰত অনাগত দিনবোৰত যে পিঁয়াজৰ মূল্য ১৫০ টকা হ'ব সেয়া একপ্ৰকাৰ নিশ্চিত। কিন্তু লক্ষনীয় বিষয়টো হ'ল ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ যোগান বিভাগক পিঁয়াজৰ মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।