কেবৰ বিৰুদ্ধে নগাঁৱৰ পৰা গুৱাহাটীলৈ পদযাত্ৰা নাট্যকৰ্মী অপূৰ্ব বৰবৰাৰ

 12/09/2019 - 15:22

নগাঁওঃ অসমীয়া জাতিৰ মৃত্যু শেলৰূপী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এইবাৰ নগাঁৱৰ পৰা গুৱাহাটীলৈ পদযাত্ৰা আৰম্ভ কৰিলে এগৰাকী নগঞা নাট্যকৰ্মীয়ে। নগাঁৱৰ পাথৰিৰ অপূৰ্ব বৰবৰা নামৰ নাট্যকৰ্মী গৰাকীয়ে নগাঁও আছুৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা এই প্ৰতিবাদী পদযাত্ৰা আৰম্ভ কৰে। কান্ধত জাতিধ্বংসী কেবৰ প্ৰতীকি ভাৰ লৈ গুৱাহাটী অভিমুখে যাত্ৰা আৰম্ভ কৰা অপূৰ্ব বৰবৰাক নগাঁও আছুৱে আদৰণি জনায় সমৰ্থন আগবঢ়ায়। নগঞা নাট্যকৰ্মী গৰাকীৰ এই অভিনৱ প্ৰতিবাদে পথচাৰীৰো দৃষ্টি আকৰ্ষণ কৰে। অন্যহাতে নগাঁৱৰ বিভিন্ন স্থানত অৱস্থান ধৰ্মঘটত বহি জেষ্ঠ্য নাগৰিক, শিল্পী সমাজকে আদি কৰি একাধিক সংস্থা-সংগঠনে অভিনেতা যতিন বৰাক সুবিধাবাদী আখ্যা দিয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।