নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজপথত ওলাই আহিল ছাত্ৰ সমাজ

 12/09/2019 - 17:33

বৰপেটাঃ সৰ্বানন্দ সোণোৱাল অমিত শ্বাহক পথৰ মাজত চোঁচোৰালে ছাত্ৰ সমাজে। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত একপ্ৰকাৰ যুযুধান ৰূপত আগবাঢ়িছে অসমৰ ছাত্ৰ-সমাজ। দ্বিতীয় অসম আন্দোলনৰ যেন এয়া এক সূচনাহে এই দৃশ্য পৰিলক্ষিত হ'ল বৰপেটাৰ ঐতিহ্যমণ্ডিত মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ছাত্র একতা সভা আৰু সমগ্ৰ ছাত্র সমাজৰ জৰিয়তে। যি সময়ত সমগ্ৰ অসম জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত জ্বলি আছে।

ঠিক সেই সময়তেই বৰপেটাৰ ঐতিহ্যমণ্ডিত মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ছাত্র একতা সভা তথা সমগ্ৰ ছাত্র সমাজৰ এই প্ৰতিবাদী সমদলে বিশেষ তাৎপৰ্য বহন কৰিছে। এসময়ত ছাত্র ৰাজনীতিৰ পৰাই নিজৰ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰা সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মাৰ বিপৰীত স্থিতিত শংকিত এইসকল ছাত্ৰ সমাজ। সোমবাৰে বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ছাত্র একতা সভা তথা সমগ্ৰ ছাত্র সমাজৰ সহযোগত বৰপেটা চহৰৰ মাজমজিয়াৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত এক প্ৰতিবাদী সমদল উলিওৱা হয়।

প্ৰতিবাদী ছাত্রসকলে সৰ্বানন্দ তোমাৰ কাম নাই, হিমন্ত তোমাৰ লাজ নাই, বিজেপি আৰ এচ এচ গো বেক, কেব আমি নামানো বাংলাদেশী গো বেক আদি ধ্বনিৰে বৰপেটা চহৰ মুখৰিত কৰি তোলে। প্ৰতিবাদী ছাত্রসকলে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী অমিত শ্বাহক ৰাজপথেৰে চোঁচৰাই নিয়ে। প্ৰতিবাদী ছাত্রসকলৰ প্ৰতিবাদ মষিমূৰ কৰিবলৈ আৰক্ষীয়ে ছাত্র সমাজক দুই ঠাইত বাধা প্ৰদান কৰাত মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ছাত্রসকলে বৰপেটা পাঁচ আলি চক আৰু উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত পথত বহি দিয়ে। ইয়াৰ পৰা এইয়া অনুমান কৰিব পাৰি যে চৰকাৰী শাসন যন্ত্ৰৰ কবলত পৰি আৰক্ষী প্ৰশাসন যেন এতিয়া সৰ্বানন্দ হিমন্তৰ চাবি দিয়া পুতলাত হে পৰিণত হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।