কেব সন্দৰ্ভত অগপ শীৰ্ষ নেতৃত্বৰ মৌন ভূমিকা গ্ৰহণৰ বাবে সমূহীয়া পদত্যাগ বিশ্বনাথৰ অগপ নেতা-কৰ্মীৰ

 12/11/2019 - 13:04

বিশ্বনাথঃ বুধবাৰ পৰা বিশ্বনাথত শূন্য অগপ। বিশ্বনাথ অগপত নেতাকৰ্মীৰ সমূহীয়া পদত্যাগ। অগপ দলৰ শীৰ্ষ নেতৃত্বৰ কেবৰ বিৰুদ্ধে মৌন ভূমিকা গ্ৰহন কৰি ক্ষমতাৰ লালসাত অসমীয়া ৰাইজক প্ৰতাৰণা কৰাৰ বাবে এই সমূহীয়া পদত্যাগ।

অগপৰ বিশ্বনাথ জিলাৰ প্ৰাক্তন সভাপতি অৰুন হাজৰিকা, জিলা সম্পাদক কন্দৰ্প হাজৰিকা, কেন্দ্ৰীয় যুৱ পৰিষদৰ উপ-সভাপতি দিগন্ত বৰা, কেন্দ্ৰীয় সমিতিৰ শ্ৰম পৰিষদৰ প্ৰাক্তন যুতিয়া সম্পাদক মুকুল শইকীয়া, কেন্দ্ৰীয় সাধাৰন পৰিষদৰ সদস্য দিব্যজোতি বৰুৱাকে ধৰি পাঁচ শতাধিক নেতাকৰ্মীৰ সমুহীয়া পদত্যাগ। মুঠতে এক কথাত ক'বলৈ গলে আজিৰ পৰা অগপ শূণ্য হ’ল বিশ্বনাথ জিলা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।