উত্তৰ গুৱাহাটীৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম চাকৰিৰ প্ৰলোভনেৰে নিবনুৱাৰ পৰা ধন সংগ্ৰহ কৰা প্ৰবঞ্চক অজিত দাসক

 12/11/2019 - 17:56

উত্তৰ গুৱাহাটীঃ মহানগৰীত চাকৰিৰ প্ৰলোভনেৰে নিৱনুৱাৰ পৰা ধন সংগ্ৰহ কৰা হাইপ্ৰফাইল প্ৰবঞ্চক অজিত দাসক উত্তৰ গুৱাহাটী আৰক্ষীয়ে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে ইৰাণ জ্যোতি ডেকা নামৰ এজন ভুক্তভোগী নিবনুৱা যুৱকৰ এজাহাৰৰ ভিত্তিত উত্তৰ গুৱাহাটী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মিন্টু বড়োৰ নেতৃত্বত যোৱা আৰক্ষীয়ে দুৰ্ধৰ্ষ প্ৰবঞ্চকটোক মংগলবাৰে সন্ধিয়া আটক কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে উত্তৰ গুৱাহাটী মধ্যমখণ্ড নিৱাসী  প্ৰবঞ্চক অজিত দাসে অইল ইণ্ডিয়া, ৰেল, ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত চাকৰি দিয়াৰ প্ৰলোভনেৰে বহু নিৱনুৱা যুৱক যুৱতীক লুন্ঠন কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে। প্ৰবঞ্চক অজিত দাসে নিৱনুৱা যুৱক যুৱতীৰ পৰা ছলনাৰে সংগ্ৰহ কৰা ধনৰে বিলাসী জীৱন যাপন কৰিছিল। এইবাৰো মংগলদৈৰ যুৱক ইৰান জ্যোতি ডেকাৰ পৰা চাকৰি দিয়াৰ নামত ১৭০০০০ সৰকাইছিল। উত্তৰ গুৱাহাটী আৰক্ষীয়ে ইৰাণ জ্যোতি ডেকাৰ এজেহাৰ ভিত্তি দুৰ্ধৰ্ষ প্ৰবঞ্চকটোক আটক কৰি case no.169/19 us 406/420/294 ipc এটি কেছ ৰুজু কৰিছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে এই প্ৰবঞ্চকটোৰ কৰা জালিয়াতি বিৰুদ্ধে আন তদন্ত আৰম্ভ হৈছে। আৰক্ষী তদন্তত শীঘ্ৰেই আন বহু তথ্য প্ৰকাশ পাব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।