বাস্কা জিলাৰ মুছলপুৰস্থিত চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত কেবৰ বিৰুদ্ধে প্ৰতিবাদ সাংসদ নৱ কুমাৰ শৰণীয়াৰ

 12/18/2019 - 17:49

বাস্কাঃ সাংসদ নৱ কুমাৰ শৰণীয়াই বুধবাৰে বাস্কা জিলাৰ মুছলপুৰস্থিত চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত কেবৰ বিৰুদ্ধে প্ৰতিবাদ সাবস্ত্য কৰে। তেওঁ কয় যে কোনো কাৰণতে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক মানি নলয় বুলি উল্লেখ কৰে। যদি সমগ্ৰ ৰাজ্যত এই আইনখনৰ বিৰুদ্ধে সকলো ওলাই আহিছে তেনেস্থলত কি স্বাৰ্থত হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালে চকু মুদা কুলিৰ ভাও ধৰি আছে এই বুলি উল্লেখ কৰে সাংসদ নৱ কুমাৰ শৰণীয়াই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।