
ৰহাঃ ৰাজ্যৰ অশান্ত জৰ্জৰ পৰিবেশৰ মাজতে চৰাইদেউৰ পৰা দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনলৈ পদব্ৰজে এগৰাকী যুৱতী। যোৱা ১ ডিচেম্বৰৰ পৰা যুৱতীগৰাকীয়ে আৰম্ভ কৰিছে এই পদযাত্ৰা। উদ্দেশ্য সমগ্ৰ ভাৰতবৰ্ষত প্ৰকৃতি আৰু পৰিবেশ সুৰক্ষাৰ বাবে জন সজাগতা সৃষ্টি কৰা। যুৱতীগৰাকীৰ নাম নিজৰা ফুকন। প্ৰকৃতিপ্ৰেমী তথা দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত গৱেষণা কৰি থকা নিজৰা ফুকনৰ আছে বৃক্ষবন্ধু নামৰ এটা সংস্থা আৰু নিজৰা হৈছে অনুষ্ঠানটোৰ প্ৰতিস্থাপক সম্পাদিকা। এই বৃক্ষবন্ধুৰ বেনাৰতে নিজৰাই পদযাত্ৰা কৰিছে দিল্লীলৈ। চৰাইদেউৰ পৰা দিল্লীলৈ দূৰত্ব ২২৪৬ কিলোমিটাৰ আৰু প্ৰতিদিনে নিজৰাই গতি কৰিছে ৩০কিলোমিটাৰ।
গন্তব্য স্থান পাবলৈ নিজৰাৰ সময় লাগিব প্ৰায় তিনি মাহ। তথাপি নিজৰা শংকিত হোৱা নাই। নাই মনত কোনো ভয় অথবা দ্বিধা। দিল্লীত উপস্থিত হোৱাৰ পিচত নিজৰাই সমগ্ৰ দেশত প্ৰকৃতি আৰু পৰিৱেশ সুৰক্ষাৰ দাবীত ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰিব। যোৱা এক ডিচেম্বৰৰ পৰা দিল্লী অভিমুখে যাত্ৰা আৰম্ভ কৰা নিজৰা বুধবাৰে আহি ৰহাত উপস্থিত হয় আৰু নিশা ৰহাৰ আমনিশালীত এঘৰত কটাই বৃহস্পতিবাৰে পুনৰ যাত্ৰা আৰম্ভ কৰিছে। অৱশ্য নিজৰাক নিদিষ্ট দূৰত্বৰ মূৰে মূৰে সংগ দিছে বিভিন্ন জনে। নিজৰাৰ এই কষ্টকৰ যাত্ৰা সফল হওক, তাৰে কামনা কৰিছে সকলোৱে।