পাকঘৰ এৰি 'কা'ৰ বিৰুদ্ধে ৰাজপথত ৰহাৰ শ শ মহিলা

 12/20/2019 - 15:28

ৰহাঃ সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে ৰহাত অব্যাহত আছে প্ৰতিবাদ। ৰাজপথত মহিলাৰ দীঘলীয়া মৌন সমদল। ৰহাৰ ৰণথলী পঞ্চায়তৰ মহিলাই কৰিছে এই প্ৰতিবাদ। পাকঘৰ এৰি 'কা' ৰ বিৰুদ্ধে ৰাজপথত শ শ মহিলা। কাৰোবাৰ কোলাত আকৌ কেচুৱা। এনেদৰেই আগুৱাইছে ৰাজপথেৰে। মুঠতে এই আইন নালাগে কাকো। প্ৰায় পাঁচ শতাধিক মহিলাই ৰণথলীৰ কটহগুৰিৰ পৰা ৩৭নং ৰাষ্ট্ৰীয় পথেৰে সমদল কৰি ৰহা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ আহে আৰু এই জাতিধ্বংসী আইন বাতিলৰ দাবীত চক্ৰ বিষয়াৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।