বটদ্ৰৱাত আৰক্ষীয়ে আটক কৰে বাইকসহ চোৰক

 12/20/2019 - 15:35

বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষীয়ে বৃহস্পতিবাৰে  মটৰ চাইকেলসহ এজন কুখ্যাত গাড়ী চুৰি চক্ৰৰ মাষ্টাৰ মাইণ্ড পিয়াৰ হুছেইনক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষী সূত্ৰে জনোৱা মতে, AS02W6253 নম্বৰৰ পালচাৰ মটৰ চাইকেলখন চুৰি কৰি বটদ্ৰৱাৰ ৰামপুৰ পৰা নগাঁৱলৈ নি থকা অৱস্থাত নিশা বটদ্ৰৱা আৰক্ষীৰ টহলদাৰী দলে আটক কৰিবলৈ সক্ষম হয় কুখ্যাত গাড়ী সৰবৰাহকাৰীটো।

বৰ্তমান বটদ্ৰৱা আৰক্ষীৰ জিম্মাত থকা চোৰটোক মাৰাথান জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। আৰক্ষীৰ সূত্রৰ পৰা জানিব পৰা মতে আন্তৰাষ্ট্ৰীয় গাড়ী চুৰি চক্ৰৰ লগত জড়িত ধৃত পিয়াৰ হুছেইন ঘৰ নগাঁৱৰ নিজ কঠিয়াতলীত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।