নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত বৰপেটাত উকীল সন্থাৰ প্ৰতিবাদ

 12/20/2019 - 18:30

বৰপেটাঃ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ন্যায়ালয়ৰ মজিয়া এৰি এইবাৰ ৰাজপথত প্ৰতিবাদত নামিল বৰপেটা উকীল সন্থা৷ অসমীয়া জাতি, মাটি, ভাষা, সংস্কৃতি ৰক্ষাৰ বাবে সংশোধিত নাগৰিকত্ব আইন বাতিলৰ দাবীত বৰপেটা উকীল সন্থাই ন্যায়ালয়ৰ সকলো কাম-কাজ এৰি জাতিৰ প্ৰতি নাগৰিকত্ব আইনে কঢ়িয়াই অনা বিপদৰ পৰা পৰিত্ৰাণৰ বাবে শুকুৰবাৰে এনেদৰে বৃহৎ প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে। বৰপেটাৰ প্ৰায় পাঁচ শতাধিক অধিবক্তাই জাতিধ্বংসী নাগৰিকত্ব আইনখন বাতিলৰ দাবীত বিভিন্ন শ্লো’গান আওৰাই বৰপেটাৰ ৰাজপথ উত্তাল কৰি তোলে৷ বৰপেটা চহৰৰ মূল পথ সমূহৰ মাজেৰে প্ৰতিবাদী সমদল উলিয়াই সংশোধিত নাগৰিকত্ব আইন বাতিলৰ দাবী জনায়। নাগৰিকত্ব সংশোধনী আইন বাতিল নকৰা পৰ্যন্ত প্ৰতিবাদী আন্দোলন চলাই যোৱাৰ হুংকাৰ দিয়ে বৰপেটা উকীল সন্থাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।