বহৰি গাওঁ পঞ্চায়তৰ সভাপতি পুণ্য দাসৰ বৃহৎ কেলেংকাৰি

 12/21/2019 - 19:36

বৰপেটাঃ শূন্য সহনশীল নীতি গ্ৰহণ কৰা বুলি সততে জহাই ফুৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বৰঘৰতেই যেন এতিয়া একাংশ পঞ্চায়ত সভাপতিয়ে সিন্ধি দিয়া আৰম্ভ কৰিছে। বিজেপি দলৰ পৰা মনোনীত প্ৰাৰ্থী হৈ নিৰ্বাচিত হোৱা তথা বৰ্তমানৰ বহৰি গাঁও পঞ্চায়তৰ সভাপতি পুণ্য দাসে পঞ্চায়তৰ অধীনস্থ একাংশ আঁচনিত সংঘটিত কৰিছে ব্যাপক দুৰ্নীতি। আমাৰ হাতত পৰা তথ্যমতে বিগত মাৰ্চ মাহত বহৰি গাঁও পঞ্চায়তৰ অধীনত এক পকী কালভাৰ্ট নিৰ্মাণৰ জড়িয়তে পুণ্য দাসে বিভিন্ন উপায় অৱলম্বন কৰি সৰকাইছে বৃহৎ পৰিমাণৰ ধন। অতি নিম্নমানৰ চিমেন্ট, ইটা, ৰডেৰে নিৰ্মাণ কৰা উক্ত কালভাৰ্টটোৰ বাবদ বিভিন্ন ভাওচাৰ প্ৰদৰ্শন কৰি পুণ্য দাসে লুটিছে বৃহৎ পৰিমাণৰ ধন।

পুণ্য দাসৰ এই কেলেংকাৰীৰ তথ্য বহৰি খণ্ড উন্নয়ন বিষয়াক অৱগত কৰাৰ পিছতো আজিলৈকে পুণ্য দাসৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বহৰি খণ্ড উন্নয়নৰ বিষয়া জনে। তাৎপৰ্যপূৰ্ণ কথা এইয়াই যে পুণ্য দাসে সংঘটিত কৰা দুৰ্নীতিৰ প্ৰতিটো দস্তাৱেজত বহৰি খণ্ড উন্নয়ন বিষয়াজনৰ হস্তাক্ষৰ থকাটোৱেই বিশেষ ৰহস্যৰ সৃষ্টি কৰিছে। পৰৱৰ্তী সময়ত বহৰি গাঁও পঞ্চায়তত হৈ থকা দুৰ্নীতি তথা পুণ্য দাসৰ কেলেংকাৰি আমি সবিস্তাৰে প্ৰকাশ কৰিম।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।