অৰুণাচল প্ৰদেশৰ মহাদেপুৰত "কা"ৰ বিৰুদ্ধে মম লৈ মৌন সমদল

 12/21/2019 - 19:51

কাকপথাৰঃ সমগ্ৰ ৰাজ্য, দেশৰ সমান্তৰালভাবে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশতো "কা"ৰ বিৰুদ্ধে প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে৷ লগতে শ্বহীদ সকলৰ স্মৃতিত বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা পৰিলক্ষিত হৈছে৷ এইবাৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত শ্বহীদ হোৱা লোক কেইজনৰ প্ৰতি শ্রদ্ধাঞ্জলি জনাই আৰু নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চুবুৰীয়া ৰাজ্য অৰুনাচল প্ৰদেশৰ নামচাই জিলাৰ মহাদেপুৰত মম লৈ এক মৌন সমদল উলিয়াই। লেকাং-মহাদেপুৰ অঞ্চলৰ বিভিন্ন দল-সংগঠন, এন জি অৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত উলিওৱা এই সমদলত কেইবা শতাধিক ৰাইজে অংশগ্ৰহণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।