নলবাৰীৰ বিধায়ক অশোক শৰ্মাই একেদিনাই এঘাৰটাকৈ আঁচনিৰ শুভাৰম্ভ

 12/24/2019 - 14:30

বাহাৰঘাটঃ নলবাৰী জিলাৰ ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ উন্নয়ন খণ্ডৰ অন্তৰ্গত চটাইবাৰী গাঁওপঞ্চায়তৰ অন্তৰ্গত বিভিন্ন স্থানত নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই সোমবাৰে একেদিনাই এঘাৰটাকৈ চতুৰ্দশ বিত্তীয় আয়োগ ২০১৭/১৮ বৰ্ষৰ পুজিৰ কামৰ শুভাৰম্ভণি কৰে৷ বিধায়ক শৰ্মাই সোমবাৰে আধাৰশিলা কৰা আঁচনিকেইটা ক্ৰমে চটাইবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰঙাফালিত ৰাজহুৱা শ্মশান জিৰণি ঘৰ, মহিনাত সাংস্কৃতিক মঞ্চ, ধমধমা শ্মশানৰ জিৰণি গৃহ, চটাইবাৰী এম.ই স্কুলৰ চাৰিসীমাৰ পকীবেৰ নিৰ্মাণ, ভেলামাৰী শ্মশানৰ জিৰণি ঘৰ, মাজুশিৰালত ঈদগাহ ময়দান (মছজিদ) উন্নয়নৰ কামকে ধৰি পঞ্চায়তখনত মুঠ এঘাৰটা গ্ৰামোন্নয়ন আঁচনিৰ। ৰঙাফালি কৃষ্ণ মন্দিৰ প্ৰাংগণত চটাইবাৰী গাঁওপঞ্চায়ত সভাপতি দীপুল পাটোৱাৰীয়ে সঞ্চালনা কৰা আধাৰশিলা অনুষ্ঠানটিৰ আঁত ধৰে সচিব জ্ঞানেন কাকতীয়ে।

অনুষ্ঠিত বিধায়ক শৰ্মাই অংশগ্ৰহণ কৰি চতুৰ্দশ বিত্তীয় আয়োগ আ‍ঁচনিৰ কামত যাতে কোনো দুৰ্নীতি-অনিয়ম সংঘটিত নহয় তাৰ বাবে বিভাগী কৰ্তৃপক্ষক সতৰ্ক কৰি দিয়াৰ লগতে ৰাইজক কামসমূহৰ ওপৰত চোকা নজৰ ৰাখিবলৈ আহ্বান জনায়। ৰাইজ সজাগ থাকিলেহে চৰকাৰী আঁচনিৰ কাম অধিক উন্নয়ন হয় বুলি বিধায়কগৰাকীয়ে মন্তব্য কৰে।আজি এই শুভাৰম্ভনী অনুষ্ঠানত বড়িগোগ বনভাগ মন্ডল বিজেপিৰ নৱ নিৰ্বাচিত সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা,চটাইবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰঙাফালি গাঁওপঞ্চায়তৰ গাঁও সভাৰ সদস্য বাদাল দাস, ধৰি ভালেসংখ্যক বিজেপিৰ নেতা-কৰ্মীকে ধৰি ৰাইজে অংশগ্ৰহণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।