হাউলীৰ হিলাপাকুৰিত বিনামূলীয়া পশু চিকিৎসা সম্পন্ন

 12/24/2019 - 14:37

হাউলীঃ কৃষক দিৱসৰ লগত সংগতি ৰাখি বৰপেটা মেটুৱাকুছি ছিণ্ডিকেট বেংকৰ সহযোগত হাউলীৰ জয়পুৰ মিলন বজাৰ ছিণ্ডিকেট বেংক মিত্ৰৰ উদ্যোগত সোমবাৰে দিনৰ দুই বজাত সমাজ কৰ্মী ছাদুল্লাহ আহমেদৰ পৌৰোহিত্যত এখন সজাগতা সভা আৰু পশু চিকিৎসা শিবিৰ হালাপাকুৰি হাই মাদ্ৰাছা খেলপথাৰ প্ৰাঙ্গণত অনুষ্ঠিত হয়| সভাত কৃষি বিজ্ঞানী ড০ মিশা মাধুৱনে উপস্থিত থাকি কৃষক সকলক কেঁচুসাৰ আৰু গোৱৰ গেছ প্ৰস্তুত কৰি ইয়াৰ ওপৰত কিদৰে লাভাম্বিত হ'ব পাৰি তাৰ ওপৰত বহলাই বক্তব্য আগবঢ়ায়| ইয়াৰ পূৰ্বে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বৰপেটা মেটুৱাকুছি বেংকৰ শাখা প্ৰৱন্ধক মনোজ কুমাৰ কলিতাই| সভাখনত গুৱাহাটী ছিণ্ডিকেট বেংকৰ আঞ্চলিক বিষয়া জিষ্ণু কে,জে, সহকাৰী শাখা পৰিচালক আনছুমান ডিভেদী, মিলন বজাৰ ছিণ্ডিকেট বেংকৰ বেংক মিত্ৰ ৰফিকুল ইছলামে আদিয়ে উপস্থিত থাকে|

হালাপাকুৰি, নগৰঝাৰ, জয়পুৰ, কঠলীঝাৰ আদি অঞ্চলৰ কৃষক সকলৰ প্ৰায় শতাধিক পশুধনৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়া দৰৱ আদি বিতৰণ কৰে| উক্ত পশু চিকিৎসা শিবিৰত ভৱানীপুৰ ব্লক পশু চিকিৎসালয়ৰ ডাঃ ধ্ৰুৱজ্যোতি কলিতা, এচ ভি এফ এ গুণধৰ দাস, পশু ক্ষেত্ৰ সহায়ক জুৱাহেৰ আলী খান, এচ, মল্লিক, বিল্লাল হুছেইন, আদিয়ে উপস্থিত থাকি পশু চিকিৎসা সেৱা আগবঢ়ায়| ছিণ্ডিকেট বেংকৰ এনে জনকল্যাণ মূলক সেৱাই স্থানীয় ৰাইজে সন্তোষ প্ৰকাশ কৰিছে |

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।