ফকীৰগঞ্জত 'কা' বিৰোধী সত্যাগ্ৰহ আন্দোলনকাৰীক আটক, পিছত মুকলি

 12/24/2019 - 14:58

হাটছিঙিমাৰীঃ ৰাজ্যজুৰি অব্যাহত থকা নাগৰিকত্ব সংশোধনী আইন(কা) বিৰোধী আন্দোলনৰ অংশ হিচাপে ফকীৰগঞ্জত সদৌ দক্ষিণ শালমাৰা মানকাচৰ মহকুমা আছুৰ উদ্যোগত আৰু বিভিন্ন দল সংগঠন লগতে ৰাইজৰ সহযোগত ৰোডত সমদল ওলাই আহি ভাৰত চৰকাৰৰ আকোৰগজ নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। সদৌ দক্ষিণ শালমাৰা মানকাচৰ মহকুমা আছুৰ সাধাৰণ সম্পাদক শৰিফুল ইছলাম প্ৰধানীয়ে কয় কেন্দ্ৰীয় চৰকাৰে এই জাতিধ্বংসী আইন বাতিল নকৰালৈকে তীব্ৰ গণতান্ত্ৰিক আন্দোলন চলিছে আৰু চলিয়ে থাকিব। আন্দোলনকাৰী সকলে 'কা' মানি লোৱা নহ’ব, 'কা' আমি নামানো, নৰেন্দ্ৰ মোদী-অমিত শ্বাহ মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, বিজেপি গ’ বেক, 'কা' আমাক নালাগে, ইত্যাদি শ্লো’গানেৰ প্ৰতিবাদস্থলী মুখৰিত কৰে। পিছত আৰক্ষীৰ দলে প্ৰতিবাদকাৰীক ২ ঘণ্টাৰো বেছি সময় আবদ্ধ কৰি ৰাখি পিছত মুকলি কৰি দিয়ে। উল্লেখ্য যে কেব বিৰোধী আন্দোলন আৰম্ভনিৰ পৰাই জিলাখনত তীব্ৰ প্ৰভাব পৰা পৰিলক্ষিত হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।