নলবাৰীৰ জাজিয়াবাৰীত ভয়াৱহ পথ দুৰ্ঘটনা

 12/26/2019 - 14:16

নলবাৰীঃ নলবাৰীৰ ৩১ নং ৰাষ্টীয় ঘাইপথৰ জাজিয়াবাৰীত ভয়াৱহ পথ দুৰ্ঘটনা। থিতাতে নিহত এজন। নিহত লোকজন কহাঁ‌ৰতোলাৰ প্ৰবীণ ৰাজবংশী। নলবাৰী চহৰৰ পৰা তিনিজন লোকে এখন ছুপাৰ স্পেল্ডাৰ বাইকেৰে আহি থকা অৱস্থাত সংঘটিত হয় পথ দুৰ্ঘটনাত। বাকী দুজনক সংকটজনক অৱস্থাত নলবাৰী চিভিল হস্পিতাললৈ প্ৰেৰণ। জানিব পৰা হোৱা নাই দুৰ্ঘটনাৰ কাৰণ। ট্ৰাকৰ খুন্দাত দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ স্থানীয়লোকৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।