বাৰাংহাটীত আছুৰ কা’ বিৰোধী গণ অৱস্থান

 12/26/2019 - 15:02

বাহাৰঘাটঃ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৃদ্ধি হৈছে নাগৰিকত্ব আইন বিৰোধী আন্দোলন৷ কামৰূপ জিলাৰ পশ্চিম বড়িগোগ আঞ্চলিক ছাত্ৰ সন্থাৰ আহ্বানত অঞ্চলৰ কেইবা শতাধিক পুৰুষ মহিলাই নাগৰিকত্ব সংশোধনি আইনৰ বিৰুদ্ধে নাগৰিক সমাজৰ বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ন কৰি সমগ্ৰ অঞ্চলটোৰ পৰিৱেশ উত্তাল কৰি তোলে৷

পুৱাৰ ভাগত স্থানীয় মিলিজুলি চকত আয়োজিত উক্ত বিক্ষোভকাৰীসকলে কা’ আমি নেমানো, কা’ আমাক নেলাগে, সৰ্বানন্দ সোনোৱাল হায় হায়, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, কেন্দ্ৰীয় চৰকাৰ হুছিয়াৰ আদি বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানৰে পৰিৱেশ উত্তাল কৰি তোলে৷ বিক্ষোভ কাৰ্য্যসূচীত পঃবঃ শাখা সাহিত্য সভা, অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ পঃবঃ আঞ্চলিক সমিতি, মহিলা সমিতি, মুক্তি যুজাৰু পৰিয়াল সন্থা, জেষ্ঠ্য নাগৰিক মঞ্চ, কৰ্মচাৰী পৰিষদ আদিকৰি বহুতো দল সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে৷

বিক্ষোভ স্থলীত উপস্থিত থাকি প্ৰাক্তন ছাত্ৰনেতা শৰৎ কলিতাই নাগৰিকত্ব সংশোধনি আইনখন বলবৎ হ’লে হ’ব পৰা অসুবিধাসমূহ ৰাইজৰ মাজত বিশ্লেষণ কৰি কয় যে আইন বাতিল নোহোৱা পৰ্যন্ত আন্দোলন অব্যাহত থাকিব৷ ইয়াৰোপৰি ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ সম্পাদক ভৱজ্যোতি ডেকা, প্ৰাক্তন ছাত্ৰনেতা ভবেন ডেকা, শাখা সাহিত্য সভাৰ সভাপতি ৰামদত্ত লহকৰ, প্ৰাক্তন সভাপতি গগন কলিতা, সমাজকৰ্মী প্ৰমোদ কলিতা আদিকৰি কেইবাগৰাকীও ব্যক্তিয়ে ভাষন দিয়ে৷

পঃবঃ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিজিত কলিতা, প্ৰক্তন সম্পাদক কৃষ্ণ কলিতা আৰু কামৰূপ জিলা আছুৰ কাৰ্য্যনিৰ্বাহ সদস্য কমল কলিতাৰ নেতৃত্বত অনুস্থিত বিক্ষোভ কাৰ্য্যসূচীত আছুৰ কৰ্মী, প্ৰাক্তন আছু কৰ্মী আৰু অঞ্চলৰ বহুতো কা’ বিৰোধী লোকে স্বতঃস্ফূৰ্তভাবে সহযোগিতা আগবঢ়াই৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।