যোৰহাটৰ আদালতত অখিল গগৈ, দিব্য জ্যোতি শৰ্মা, মানস কোঁৱৰ, লক্ষ্যজিত গগৈৰ জামিন মঞ্জুৰ

 12/27/2019 - 15:24

যোৰহাটঃ যোৰহাট এচ ডি জে এম নিৰ্মল কুমাৰ লস্কৰে মঞ্জুৰ কৰে এই জামিন। নাগৰিকত্ব সংশোধনী আইনৰ বাতিলৰ দাবিত চলোৱা প্ৰতিবাদত গ্ৰেপ্তাৰ হৈছিল আটাইকেইজন ব্যক্তি। ৩৪৯৮/১৯ গোচৰৰ ১২০ বি, ১৪৫, ১৫১, ১৫৩, ১৫৩এ, ১৫৭, ১৫৮,২৯১,৪৩১ ধাৰাত গ্ৰেপ্তাৰ হৈছিল আটাইকেইজন ব্যক্তি। যোৰহাট উকীল সন্থাই কা বিৰোধী আন্দোলনত গ্ৰেপ্তাৰ হোৱা ব্যক্তি কেইজনৰ হৈ ওকালতি কৰিছিল। যোৰহাট আৰক্ষীয়ে দিয়া আপত্তি নাকচ কওণৰি মঞ্জুৰ কৰে এই জামিন।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।