শিশুমাৰত বি এছ এফ আৰক্ষীৰ যুটীয়া অভিযান: ভাৰতীয় মুদ্ৰাৰ জালনোটসহ যুৱকক গ্ৰেপ্তাৰ

 12/28/2019 - 13:50

হাটশিঙিমাৰীঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ কালিৰআলগা গাওঁত গোপন সূত্ৰৰ পমখেদি বৰাইৰ আলগা  বি এছ এফ কেম্পৰ ৬ বি এন বি এছ এফৰ বিষয়া-জোৱান আৰু দক্ষিণ শালমাৰ মানকাচৰ জিলাৰ আৰক্ষীৰ যুটীয়া অভিযানত কাল ৰাতি প্ৰায় ১২-৩০ মান বজাত ভাৰতীয় মুদ্ৰাৰ জালনোটসহ এজন যুৱকক গ্ৰেপ্তাৰ কৰে। আৰক্ষী আৰু বি এছ এফৰ এই যুটিয়া অভিযানত কালিৰ আলগা গাওঁৰ আব্দুল কাদেৰৰ পুত্ৰ জহিৰুল ইছলাম (৩০)ক গ্ৰেপ্তাৰ কৰে। আৰক্ষী আৰু বি এছ এফে তালাচি চলাই জহিৰুল ইছলামৰ ঘৰৰ পৰা ভাৰতীয় ৩০ হেজাৰ টকা জাল নোট উদ্ধাৰ কৰে। কালি নিশা বি এছ এফে শোধা-পোছাৰ বাবে বি এছ এফ কেম্পত ৰাখি শনিবাৰে আৰক্ষীৰ হাতত গতাই দিয়ে। জানিব পৰা মতে আৰক্ষীয়ে জহিৰুল ইছলামক মাৰাথন জেৰা অব্যাহত ৰাখিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।