তিনিচুকীয়াত আলফালৈ যাব লোৱা ৬ জন কিশোৰক উদ্ধাৰ আৰক্ষীৰ

 12/28/2019 - 15:01

তিনিচুকীয়াঃ তিনিচুকীয়া আৰক্ষীৰ বৃহৎ সাফল্য। আলফালৈ যাবলৈ যো-যা চলোৱা ৬ জন কৈ কিশোৰক উদ্ধাৰ আৰক্ষীৰ। তিনিচুকীয়া আৰক্ষীৰ এটা দলে বৰডুমছা আৰক্ষীৰ সহযোগত গোপন খবৰৰ ভিত্তিত বৰডুমছাৰ কঠালগুৰি, ৰিতু কঠালগুৰি, কুজুপথাৰ আৰু মিহলিৰিতু গাঁৱৰ ৬ জনকৈ কিশোৰক উদ্ধাৰ কৰিবলৈ সক্ষম হ'য়।

কিশোৰ কেইজনৰ পৰা আলফাৰ দুখন পতাকাও উদ্ধাৰ কৰিছে আৰক্ষীয়ে। কিশোৰ কেইজনক আৰক্ষীয়ে ইতিমধ্যে মাৰ্ঘেৰিটাৰ আদালতত হাজিৰ কৰোৱাই। আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি, মবাইলত ফেচবুকৰ মাধ্যমেৰে আলফাৰ সৈতে যোগাযোগ কৰিছিল কিশোৰ কেইগৰাকীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।