গোলাঘাটত অসমীয়া ভাষাৰ চৰকাৰী বিদ্যালয়ত বাংলা ভাষাৰ মাৰ্কচিট বিতৰণ

 12/28/2019 - 17:54

গোলাঘাটঃ অসমীয়া ভাষাৰ চৰকাৰী বিদ্যালয়ত অনুষ্ঠিত হৈ যোৱা বছৰেকীয়া পৰীক্ষাৰ ফলাফলৰ মাৰ্কচিট বিতৰণ কৰিবলৈ লৈ বিপাঙত পৰিল গোলাঘাট মাউতগাঁও নিম্ন প্ৰাথমিক বিদ্যালয় কতৃপক্ষই| যিসময়ত অসমীয়া ভাষাৰ প্ৰতি ভাবুকি অহাত বিভিন্ন দল-সংগঠনে প্ৰতিবাদ কৰিছে। সেই সময়তেই ৰাজ্য চৰকাৰৰ কেবিনেটে অসমীয়া ভাষা ৰাজ্যিক ভষা হিচাপে স্বীকৃতি দিয়া হ'ব বুলি ঘোষণা কৰে।

আনহাতে অসমীয়া ভাষাৰ চৰকাৰী বিদ্যালয়ত ৰাজ্য চৰকাৰে যোগান ধৰিছে ছাত্ৰ-ছাত্ৰীক পৰীক্ষা নম্বৰ তালিকা বিতৰণ কৰিব বাবে বাংলা ভাষাৰ মাৰ্কচিট কপি| চৰকাৰী নিৰ্দেশ অনুসৰি পৰীক্ষাৰ নম্বৰ তালিকা ফলাফল ঘোষণাৰ দিনা বিতৰণ কৰিব লাগে যদিও গোলাঘাট মাউতগাঁও নিম্ন প্ৰাথমিক বিদ্যালয়ত কতৃপক্ষই অসমীয়া ভাষাৰ সলনি বাংলা ভাষাত মাৰ্ক চিটসমূহ অহাৰ বাবে ছাত্ৰ-ছাত্ৰীক মাৰ্ক চিট যোগান নধৰি নম্বৰসমূহ মৌখিক ভাৱে ছাত্ৰ-ছাত্ৰীক জনাই দিয়ে|

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।