লখিমপুৰ ঘিলামৰাত অসম নাট্য সন্মিলনৰ স্বৰ্ণপীঠ মণ্ডলৰ-৫৭ সংখ্যক অধিৱেশন-পূৰ্ণাংগ নাটক প্ৰতিযোগিতাৰ সফল সামৰণি

 12/29/2019 - 12:16

ঢকুৱাখনাঃ অসমত এক সুস্থ নাট্য পৰম্পৰা সৃষ্টিৰ লগতে নাটকৰ ঐতিহ্য ৰক্ষা কৰি মৌলিক নাটক সৃষ্টিতো অনুপ্ৰেৰণা যোগোৱা সংগঠন অসম নাট্য সন্মিলনৰ স্বৰ্ণপীঠ মণ্ডলৰ ৫৭ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন আৰু পূৰ্ণাংগ নাটক প্ৰতিযোগিতা শনিবাৰে পৰা ঢকুৱাখনাৰ ঘিলামৰাত অনুষ্ঠিত হৈছে। এই অধিৱেশনৰ বিভিন্ন কাৰ্যসূচীত ৰাজ্যৰ ভালেসংখ্যক নাট্যকাৰ, অভিনেতা আৰু নাট্যানুৰাগী লোকে অংশগ্ৰহণ কৰে।

অধিৱেশনৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা-স্মৃতি গ্ৰন্থ-"ইংগিত" আৰু হৰেণ শইকীয়া, আৰু ডা০ কেশৱ হাজৰিকাৰ দুখনকৈ-নাট্য সংকলন উন্মোচন কৰা হয়। আজি যোৱা নিশাৰ পূৰ্ণাংগ নাট প্ৰতিযোগিতাত-মংগলদৈ, বিশ্বনাথ, চতিয়া, গহপুৰ,লখিমপুৰ, নাওবৈছা, ঢকুৱাখনা, সোৱণশিৰি, গোগামুখ ইত্যাদি বিভিন্ন ঠাইৰ নাট্যদলে অংশ লৈ নাটক মঞ্চস্থ কৰে। ইফালে অধিৱেশনৰ প্ৰদৰ্শনী আৰু বাণিজ্য মেলাৰ স্থলীৰ বিপণীবোৰত ঘিলামৰাৰ স্থানীয় শিপিনীয়ে বোৱা-চাদৰ-মেখেলা, বিভিন্ন ৰঙৰ জাতি-জনগোষ্ঠীৰ গামোছাৰ লগতে পিঠা-পনাৰ সমাহাৰ আৰু বিক্ৰী দেখা যায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।