ৰহাত দুৰ্বৃত্তৰ তাণ্ডৱ

 12/29/2019 - 15:37

ৰহাঃ ৰহাত নিশা দুৰ্বৃত্তৰ তাণ্ডৱ৷ অচিনাক্ত দুু্ৰ্বৃৃ্ত্তৰ ৰহাত নিশা তেল ভৰ্তি টেংকাৰ হাইজেকৰ চেষ্টা৷ প্ৰাপ্ত তথ্য মতে, নুমলীগড়ৰ পৰা গুৱাহাটী অভিমুখী তেল ভৰ্তি AS01FC 2568নম্বৰৰ টেংকাৰখনৰ চালক আৰু সহকাৰীয়ে নিশা ৰহাত আহাৰ গ্ৰহণ কৰি গুৱাহাটী অভিমুখে যাত্ৰা কৰাৰ সময়তে নম্বৰ প্লেটবিহীন এখন ৰঙা ৰংৰ আৰ্টিগা গাড়ীত অহা ৯জনীয়া দুৰ্বৃত্তই টেংকাৰখন আগচি ধৰি চালক হেণ্ডিমেনক আক্ৰমন কৰি টেংকাৰখনলৈ উধাও হয় আৰু টেংকাৰখনৰ চালক আৰু হেণ্ডিমেনক হাত ভৰি বান্ধি বগৰীগুৰিত পেলাই যায়৷

পাচত স্থানীয় ৰাইজে টেংকাৰখনৰ চালক আৰু সহকাৰীক উদ্ধাৰ কৰি নিশাই ৰহা আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীৰ তৎপৰতাত অপহৰনৰ চেষ্টা কৰা তেংকাৰখনো দীঘলিআটিৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ দুৰ্বৃত্তৰ সন্ধানত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে যদিও অদ্যাপি কোনো দুৰ্বৃত্তৰ সম্ভেদ লাভ কৰা নাই৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।