ৰঙিয়াৰ চেপ্তিত ভয়ংকৰ পথ দুৰ্ঘটনাত আহত ৫

 12/30/2019 - 15:07

ৰঙিয়াঃ ৰঙিয়াৰ সোঁমাজেৰে যোৱা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চেপ্তিত দেওবাৰে সন্ধিয়া সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত ৫ জন লোক আহত হয়। ৰাষ্ট্ৰীয় ঘাইপথটোত ৰৈ থকা তেলৰ টেংকাৰ এখনত তীব্ৰবেগী আই-টেন গাড়ীয়ে খুন্দিওৱাত দুৰ্ঘটনাটো সংঘটিত হয়।

নলবাৰীৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা টেংকাৰখনত পিচফালৰ পৰা খুন্দিওৱাৰ ফলত গাড়ীখনৰ চালকসহ পাঁচজন যাত্ৰী আহত হয়। আঘাতপ্ৰাপ্ত লোক কেইজনক স্থানীয় এখন ব্যক্তিগত নাৰ্চিংহোমত ভৰ্তি কৰাই। আহত ব্যক্তিকেইজন ক্ৰমে চালক তথা গুৱাহাটীৰ জ্যোতিনগৰ নিবাসী নিপেন দাস, বিৰুবাৰীৰ ৰোহিত শ‌ইকীয়া, নুনমাটিৰ গণেশ বৰা আৰু নলবাৰী চামতাৰ মনদ্বীপ শৰ্মা। চিকিৎসকে জানিবলৈ দিয়ামতে আহত কেইজন বৰ্তমান সংকটমুক্ত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।