ট্ৰাইবেল বেল্ট ব্লক উচ্ছেদ সন্দৰ্ভত অবড়ো সুৰক্ষা সমিতিৰ তীব্ৰ প্ৰতিক্ৰিয়া

 01/01/2020 - 15:34

বিজনীঃ ট্ৰাইবেল বেল্ট ব্লকত ন্যায়ালয়ৰ উচ্ছেদৰ নিৰ্দেশনা সন্দৰ্ভত অবড়ো সুৰক্ষা সমিতিৰ প্ৰতিক্ৰিয়া। অবড়ো সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সম্পাদক জোন দাসে এক প্ৰেচ বিবৃতিত কয় যে, আজি বিটিএডিত বাস কৰা বিভিন্ন অবড়ো জাতি জনগোষ্ঠীৰ মাজত সমন্বয়ৰ অভাৱৰ কাৰণে নিজৰ ভূমিতে ভূমিহীন হোৱৰ উপক্ৰম ঘটিছে। যাৰ কাৰণ একমাত্ৰ এটা জনগোষ্ঠীৰ স্বাৰ্থপৰায়ণ মনোভাৱ, হিটলাৰী শাসনৰ নামত বিটিএডিত বাস কৰা অবড়ো ৰাইজৰ ওপৰত ৰাজত্ব কৰি থকা এছামে বড়ো জনগোষ্ঠীৰ নামত বিভিন্ন সংগঠন আৰু দলৰ নাম লৈ নেতাগিৰী কৰি থকা নেতাসকল।

তেওঁ বিবৃতিখনত আৰু উল্লেখ কৰে যে কোনোবা হেৰিতেজ ফাউণ্ডেচন বা কোনোবা বেলেগে হওক ট্ৰাইবেল বেল্ট ব্লকৰ মাটিৰ দখল বা উচ্ছেদৰ কথা বিটিএডিৰ অবড়ো ৰাইজক কোৱাৰ আগতে বিটিচ নামৰ চুক্তিখন বাতিল কৰি ললে হ’ল কাৰণ সেই সকলে জনগোষ্ঠীয় নামধাৰী কিছুমানে জনা দৰকাৰী যে ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচি অনুসৰি বিটিএডিত কোনো schedule tribe areas আৰু কোনো schedule areas নাই। গতিকে যোৱা কিছুদিন ধৰি এচামে ট্ৰাইবেল বেল্ট ব্লকৰ নামত কোকৰাঝাৰ, চিৰাং, বাক্সা আদিত জনজাতি সুৰক্ষা মঞ্চ, হেৰিতেজ ফাউণ্ডেচন আদিয়ে আইনী তথা বিটিচি চৰকাৰৰ নামলৈ বিটিএডিত বাস কৰা অবড়ো ৰাইজক যি ভয় দেখুৱাই নিজৰ ভূমিৰ পৰা বিতাৰীত কৰিব খুজিছে সেয়া মাথো তেওঁলোকৰ অবাস্তৱ কল্পনা মাথো। দৰাচলতে ভাৰতীয় সংবিধানৰ কিছুমান অনুচ্ছেদৰ আলম লৈ অসমত অসম বিভাজন কৰি পৃথক ৰাজ্য বড়োলেণ্ড গঠন কৰাৰ ষড়যন্ত্ৰ কৰি "আমি অসমৰ ভূমি পুত্ৰ, আমি অসমৰ খিলঞ্জীয়া বুলি" কৈ আই অসমীক ৰামঠগণ দিয়াটো কিমান জাতীয়তাবাদী আৰু দেশপ্ৰেমিক অসম তথা বিটিএডিৰ ৰাইজে বুজিবলৈ আৰু বাকী নাই। অসম তথা বিটিএডিত বাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰে নিজস্ব কলা সংস্কৃতি ভাষা ইত্যাদিৰ কাৰণে মাত মতাৰ অধিকাৰ সকলোৰে আছে। ইয়াত কাৰোৱে দ্বিমত নাই।

কিন্তু নিজৰ জাতিৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত বাকী জাতি জনগোষ্ঠীৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব সেয়া কিন্তু ভাৰতীয় সংবিধানৰ কোনো অনুচ্ছেদত উল্লেখ নাই। বিটিচি আৰু বড়োলেণ্ডৰ নামত বিটিএডিত বাস কৰা বিভিন্ন অবড়ো জাতি জনগোষ্ঠীৰ অধিকাৰক কাঢ়ি প্ৰতাৰণা কৰিলে অবড়ো ৰাইজে চাই নাথাকে। Land and revenue regulation act ১৮৮৬ ৰ কথা কৈ আৰু BTC ACCORD ৰ কথা কৈ নিজৰ অধিকাৰত থকা ভূমিৰ অধিকাৰৰ পৰাও আমি এতিয়া প্ৰায় বিতাৰিত হোৱাৰ পথত। আজি Assam official language act ১৯৬০ ৰ সংযোজিত Section ৫ ৰ আধাৰত ভাষাও যোৱাৰ পথত। এই প্ৰতাৰণাৰ আৰু কিবা পৰিসীমা আছেনে না আমি এনেকৈয়ে নিজৰ জন্মভূমিত মাত্ৰ এটা জনগোষ্ঠীৰ পৰা বিতাৰিত হম, নে এনেকৈয়ে পৰজীৱী হৈ জীয়াই থাকিব লাগিব? বুলি প্ৰশ্ন কৰি তেওঁ উল্লেখ কৰে যে এয়া মাথো বিটিএডি বাসী অবড়ো ৰাইজে নিজৰ জন্মগত অধিকাৰৰ পৰা বঞ্চিত হ’ব নেকি?

এবাৰ ভাবক আৰু চিন্তা কৰক বিটিএডি বাসী ৰাইজ আজি বিটিচি চুক্তিৰ নামত কিমান যে নৰক যন্ত্ৰণাত ভূগি আছে । tribal block and belt ৰ ভূমিত ষষ্ঠ অনুসুচী আৰু land and revenue regulation act 1886 মতে কি আছে আৰু tribal belt আৰু block ৰ কিমান বৈধতা আছে সময়ত যথাসম্ভৱ অবড়ো ৰাইজে তথা এজন অবড়ো কৰ্মী তথা অবড়ো সুৰক্ষা সমিতি অসমৰ প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক হিচাবে মই জোন দাসে মোৰ দায়িত্ব আৰু কৰ্তব্যৰ খাতিৰত সম্পূৰ্ণ নিজৰ খৰচত তথ্যভিত্তিক ভাৱে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত উপস্থাপন কৰি এটা counter গোচৰ ৰুজু কৰি ৰাইজৰ ন্যায্য প্ৰাপ্তিৰ যুজ খন আইনী ভাৱে আগুৱাই লৈ যোৱাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে বিটিএডিত বাস কৰা বিভিন্ন অবড়ো জাতি জনগোষ্ঠীয়ে মিলি বিটিএডি তথা অসম বিভাজন কাৰি শক্তিৰ বিৰুদ্ধে একেলগে মাৰবান্ধি ঠিয় হ’বৰ কাৰনে আহ্বান কৰে। অন্যথা মৌনতাই এদিন বিটিএডি বাসী অবড়ো সকলো লোকৰ বাবেই কাল হ’ব বুলিও দাবী কৰে প্ৰেচ বিবৃতিযোগে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।