গৌৰীপুৰৰ শিমলাকান্দিত দলং নিৰ্মাণৰ নামত বৃহৎ দুৰ্নীতি

 01/01/2020 - 17:13

গৌৰীপুৰঃ গৌৰীপুৰৰ শিমলাকান্দিত দলং নিৰ্মানত নামত ব্যাপক দুৰ্নীতিত লিপ্ত ঠিকাদাৰ। মাটি মিহলোৱা বালিৰে চলাইছে নিৰ্মাণৰ কাম। অতি নিম্নমানৰ কাম কৰাৰ অভিযোগ তুলি ৰাইছে বন্ধ কৰিলে কাম। ধুবুৰী জিলাৰ শিমলাকান্দি। গাঁৱৰ এখন দলং নিৰ্মাণ কামৰ বাবে অসম চৰকাৰে sopd অধীনত ২০১৮-২০১৯ বছৰ আৱন্টন দিছিল প্ৰায় এক কোটি ৬৯ লাখ টকা।

কিন্তু দলঙখনৰ খুটি বনাইছিল মাটি মিহলাই কাম কৰাৰ ফলত ৰাইজে কাম বন্ধ কৰি দিলে। গড়কাপ্তানী মন্ত্ৰী ড° হিমন্তৰ বিশ্ব শৰ্মা আপোনাৰ বিভাগত কি চলি আছে জানে নে আপুনি? ধুবুৰী জিলাৰ ঠিকেদাৰ আৰু অভিযন্তা মিলি কেনেকৈ দুৰ্নীতি চলাইছে, আহি চাওঁক মন্ত্ৰী ডাঙৰীয়া আপুনি এবাৰ আচলতে কেনেকৈ চলিছে বিভাগত দুৰ্নীতি।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।