বটদ্ৰৱাত আৰক্ষীৰ লোকৰ ওপৰত বিজেপি কৰ্মীৰ গুণ্ডাগিৰি

 01/02/2020 - 18:24

ধিংঃ নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টি তথা বটদ্ৰৱা আৰক্ষী থানাৰ অন্তর্গত আমলখি গাঁও পঞ্চায়তত ইতিমধ্যে এজন গুণ্ডাৰূপী বিজেপি কৰ্মীৰ গুণ্ডাগিৰিৰ বাতৰিৰ প্ৰতিক্ৰিয়া মাৰ নাযাওঁতেই পুনৰবাৰ সেই একেজন গুণ্ডাৰূপী বিজেপি কৰ্মীয়ে গুণ্ডাৰাজ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাক কেন্দ্র কৰি তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে পঞ্চায়তটোত।

প্ৰাপ্ত অভিযোগ অনুসৰি, মৰিগাঁও জিলাৰ মিকিৰভেটা আৰক্ষী থানাৰ অন্তর্গত বড়িবজাৰ আৰক্ষী চকীত কৰ্মৰত আৰক্ষী যোৱান (WIRELESS OPERATOR) তথা আমলখি পঞ্চায়তৰ বাসিন্দা আব্দুল চোবানে যোৱা ২৭ ডিচেম্বৰ তাৰিখে জাগীৰোডত অনুষ্ঠিত বিজেপিৰ শান্তি সমদলত চৰকাৰী কৰ্তব্য পালন কৰি আছিল।

২৮ ডিচেম্বৰ তাৰিখে সন্ধিয়া ছয় বজাত বিজেপি কৰ্মী নবী হুছেইন আৰু এমৰাদুল ইছলামে আমলখিৰ মাটখোলাত উক্ত আৰক্ষীৰ লোকজনক ৰাজহুৱাভাৱে অশ্লীল ভাষাৰে গালি-গালাজ দিয়ে বুলি এজাহাৰত প্ৰকাশ। অকল এয়াই নহয়, উক্ত আৰক্ষৰ লোকজনৰ পৰিয়ালৰ আন একাংশ লোককো গালি-গালাজ দিয়াৰ ওপৰিও ভবিষ্যতে এইসকল নিৰীহ লোকক প্ৰাণে মৰাৰো ভাবুকি প্রদান কৰে বুলি এজাহাৰত উল্লেখ আছে। উপায় বিহীন হৈ আব্দুল চোবানৰ পৰিয়ালে গাঁওখনৰ ৰাইজৰ সহযোগত ইতিমধ্যে বটদ্ৰৱা আৰক্ষী থানাত দুই গুণ্ডাৰূপী বিজেপি কৰ্মীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। এতিয়া প্ৰশ্ন হয়, সম্প্রতি বটদ্ৰৱা সমষ্টিত একাংশ বিজেপি কৰ্মীক এনেদৰে গুণ্ডাৰাজ চলোৱাৰ বাবে বিজেপি চৰকাৰখনে লাইচেন্স প্ৰদান কৰিছে নেকি?

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।