গোগামুখত কা’ বাতিলৰ দাবীত আটাছু-৩০ জনগোষ্ঠীয় সংগঠনৰ গণবিক্ষোভঃ হিমন্ত বিশ্ব শৰ্মাৰ কা’ৰ সপক্ষে উদাত্ত কন্ঠেৰে ভাষণ

 01/02/2020 - 18:52

গোগামুখঃ কা’ বাতিলৰ দাবীত গোগামুখত আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আটাছু ৩০ জনগোষ্ঠীয় সংগঠন আৰু গোগামুখবাসী ৰাইজৰ সহযোগত গণ বিক্ষোভ কাৰ্যসূচী৷ ইফালে হিমন্তবিশ্ব শৰ্মাই হেলিকপ্টাৰে গোগামুখ মহাবিদ্যালয় খেলপথাৰত অৱতৰন কৰি গোগামুখ চিলিমপুৰস্থিত মিচিং কৃষ্টি ভৱনত বিজেপি কাৰ্যকৰ্তাৰ সৈতে এক আলোচনাত মিলিত হয়৷ কা’ৰ সপক্ষে আন্দোলনকাৰীয়ে নাগৰিকত্ব সংশোধনী আইন ২০১৯ নপঢ়াকৈ আন্দোলনত নামিছে বুলি তীব্ৰ সমালোচনা কৰে৷

সমগ্ৰ অসমতে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ দাবীত ধাৰাবাহিক প্ৰতিবাদ অব্যাহত, থকাৰ সময়তে আজি ৰাজ্যখনৰ প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোগামুখৰ মিচিং কৃষ্টিভৱনত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত কাৰ সপক্ষে দলীয় কৰ্মকৰ্তাৰ মাজত সজাগতা সৃষ্টি কৰি হেলিকেপ্তাৰে দিছপুৰলৈ ৰাওনা হয়। জাতি জনগোষ্ঠী সমূহকলৈ অসমৰ উন্নয়ণ, প্ৰগতি আৰু শান্তি অভূতপূৰ্ব সহাৰি লাভ কৰিছে বুলি নিজকে দাবী কৰে মন্ত্ৰী গৰাকীয়ে। চৰকাৰখনক লৈ একাংশ লোকে অপ-প্ৰচাৰ চলাই অশান্তি সৃষ্টি কৰিছে৷

আনফালে হিমন্ত বিশ্বশৰ্মাৰ হঠাৎ গোগামুখ ভ্ৰমনক লৈ আছুৱে তীব্ৰ প্ৰতিক্ৰীয়া প্ৰকাশ কৰে গনবিক্ষোভ স্থলীৰ পৰা মাত্ৰ ৫০০ মিটাৰ ব্যৱধানত এফালে ৰজাঘৰীয়াই বিদেশীৰ সপক্ষে যুক্তি আনফালে বিদেশীৰ বিৰুদ্ধে গনবিক্ষোভক লৈ ৰাইজৰ তীব্ৰ প্ৰতিবাদে গোগামুখ নগৰৰ চৌদিশ কঁপাই তুলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।