নতুন বছৰৰ শুভ আৰম্ভণিঃ কাকীত এবছৰৰ পূৰ্বে ঘৰৰ পৰা বাহিৰ কৰা পিতৃ-মাতৃক উভতাই ল’লে সন্তানে

 01/03/2020 - 15:04

কামপুৰঃ কাকীৰ 2নং দেওবালী গাঁৱৰ নিজৰ সন্তানৰ হাতত নিগ্ৰহিত এহাল বৃদ্ধ-বৃদ্ধা যোৱা এটা বছৰধৰি নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ তত্বাৱধানত নগাঁৱৰ ৰাঙলুস্থিত বৃদ্ধআবাসত আশ্ৰয় লৈ আছিল। বৃহস্পতিবাৰে নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা তথা ন্যায়িক দণ্ডাধীশ প্ৰনিতা মাৰাং ওচৰত বৃদ্ধ-বৃদ্ধা হালৰ পুত্ৰদ্বয়ে ভবিষ্যতে এনে কাৰ্য পুনৰাই নকৰাৰ প্ৰতিশ্ৰুতিৰে শপত নামা দাখিল কৰে। লগতে ভাতৃদ্বয়ে সম্পূৰ্ণ বিবাদ নিষ্পত্তিৰে, পিতৃ-মাতৃক ভালকৈ ভৰন-পোষন দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে৷

অন্যথায় আইনত দণ্ডনীয় হব বুলি লিখিতভাবে জনায়। আইনী সকলো প্ৰক্ৰিয়া সম্পাদন হোৱাৰ পিছত আশীৰ্বাদেৰে উপচাই অশ্ৰুসিক্ত নয়নৰে আইতা-ককা ঘৰলৈ বুলি ৰাওঁনা হল। ভুক্তভোগী বৃদ্ধ-বৃদ্ধাক আবাসগৃহৰ ব্যৱস্থা কৰি দিয়াৰ লগতে, এই সকলো প্ৰক্ৰিয়াত কাৰ্য্যত অধিবক্তা হিচাপে ৰুহিনা ৱাৰিচ, নমিতা শৰ্মা আৰু ৰূপালী গোস্বামীয়ে সহযোগ কৰি দীৰ্ঘদিনীয়া এটি সমস্যাৰ সমাধান কৰে। এই সকলো প্ৰক্ৰিয়াত অগ্ৰনী ভূমিকা লয় নগাঁও জিলাৰ আইন সেৱা প্ৰাধিকাৰী প্ৰনিতা মাৰাঙে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।