দেৰগাঁওঃ যুদ্ধতৰ ক্ষীপ্ৰতাৰে চলিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক মূলৰ অধিৱেশনৰ প্ৰস্তুতি। সংঘৰ বোকাখাত জিলাৰ আতিথ্যত মহুৰা দিহিঙ্গীয়া পথাৰ কাজিৰঙা সমন্বয় ক্ষেত্র সাজু হৈছে লক্ষ্য-লক্ষ্য ভকত বৈষ্ণৱক আদৰিবলৈ। অহা ৫,৬,৭ আৰু ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব অধিৱেশন। প্ৰায় ৪১০০ বিঘা মাটিৰ বিশাল পৰিসৰ জুৰি প্ৰস্তুত হৈছে নামঘৰ, মূল মণ্ডপ, ৩০০ শিৱিৰ, ১০ হেজাৰ ভকতে একেলগে খাব পৰাকৈ ভোজনালয়, ৰান্ধনী গৃহ, গ্ৰন্থমেলাৰ বাকৰি, বহিঃ বাণিজ্য ক্ষেত্র আদি।
ৰাজ্যত কা’ৰ বিৰুদ্ধে আন্দোলন চলি থকাৰ সমান্তৰালকৈ বিভিন্ন মহলত শংকৰ সংঘৰ অধিৱেশনত কা’ সমৰ্থনকাৰী শাসক পক্ষৰ ৰাজনৈতিক নেতা-মন্ত্ৰী-বিধায়কক নিষিদ্ধ কৰাৰ দাবী উত্থাপিত হৈছে। কিন্তু আদৰণি সমিতি এই ক্ষেত্রত নিৰ্বিকাৰ: শংকৰ সংঘৰ অধিৱেশনত নিষিদ্ধ নহয় কা’ সমৰ্থিত ৰাজনৈতিক নেতাৰ। আদৰণি সমিতিয়ে লোৱা নাই কা’ বিৰোধী সিদ্ধান্ত। কা’ বিৰোধী আন্দোলনৰ নেতৃত্বই শংকৰ সংঘৰ এনে দুমুখীয়া স্থিতিক কিদৰে গ্ৰহণ কৰে সেইয়া হ'ব লক্ষ্যনীয়।