নগাঁও-হোজাইত সৰ্বভাৰতীয় জোখ-মাখ প্ৰচাৰ সপ্তাহ অভিযান উপলক্ষে গ্ৰাহকৰ মাজত সজাগতা সভা

 01/03/2020 - 15:57

লাহৰীঘাটঃ অসম চৰকাৰৰ বৈধ পৰিমাণ বিজ্ঞান বিভাগে প্ৰত্যেক বছৰে ডিছেম্বৰ মাহৰ ২৮/৩ জানুৱাৰী লৈকে সৰ্বভাৰতীয় জোখ-মাখ প্ৰচাৰ সপ্তাহ পালন কৰি আহিছে। এইবেলিও নগাঁও সহকাৰী নিয়ন্ত্ৰণক ও পৰিদৰ্শক বৈধ পৰিমাপন বিজ্ঞান কাৰ্যালয়ৰ উদ্যোগত আৰু প্ৰচাৰ সংগঠক জীয়াউৰ ৰহমানৰ সহযোগত নগাঁও আৰু হোজাই জিলাৰ বিভিন্ন স্থানত গ্ৰাহকসকলৰ সুবিধাৰ্থে গোহাৰী, প্ৰচাৰ পত্ৰিকা আৰু সজাগতা সভাৰ জৰিয়তে গ্ৰাহকসকলৰ মাজত সজাগতাৰ প্ৰচাৰ অব্যাহত ৰাখিছে বিভাগটোৱে। গ্ৰাহকসকলে বয়-বস্তু ক্ৰয় কৰোঁতে বিভিন্ন বিষয়ৰ ওপৰত লবলগীয়া সজাগতাৰ ওপৰত প্ৰচাৰ চলাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।