ডবকাত ভয়ংকৰ পথ দুৰ্ঘটনা

 01/03/2020 - 18:58

ডবকাঃ ডবকাৰ মদাৰতলি ৩৬ নং ৰাষ্টীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। নগাঁৱৰ পৰা হোজাই অভিমুখে আহি থকা AS-02-H-9024 নম্বৰৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাস্তাৰ কিনাৰত থকা ৰেলিঙত খুনিয়াই দিয়াৰ ফলত এই দুৰ্ঘটনা সংঘটিত হৈছে। বাহনখনত থকা চালকসহ দুজনলোক গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনাগ্ৰস্থ বাহনখনক ডবকা আৰক্ষী প্ৰশাসনে আহি দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।