এপিজে টি লিমিটেডৰ চাহ কৰ্মচাৰীৰ বকেয়া ধন মোকলাই দিয়াৰ দাবীত অৱস্থান ধৰ্মঘট

 01/04/2020 - 14:44

কাকপথাৰঃ অসমীয়া বিৰোধী স্থিতিৰে অসমত চাহ ব্যৱসায় চলাই যোৱা এপিজে টি গ্ৰুপৰ অধ্যক্ষ কৰণ পালে এপিজে টি লিমিটেডৰ ১০ খন চাহ বাগিচাৰ সহস্ৰাধিক চাহ কৰ্মচাৰীক ১৯ মাহৰ বকেয়া ধন মোকলাই দিয়াৰ দাবীত আজি পৰা পেন ডাউন ঘোষণা কৰিছে বহুজাতিক চাহ কোম্পানীটোৰ চাহ কৰ্মচাৰীসকলে৷ চাহ কৰ্মচাৰীসকলে পেন ডাউন কৰি তিনিচুকীয়া জিলাৰ তালাপ চাহ বাগিছাস্থিত এপিজে টি লিমিটেডৰ পঞ্জীকৃত কাৰ্যালয়ত আজি পুৱা ৬ বজাৰ পৰা ১০ ঘন্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ন কৰিছে৷

বহুজাতিক চাহ কোম্পানীটোৰ তালাপ, ডাঙৰী, খোৱাং, পেঙেৰী, শুকানগুৰি, শিলিখা, হাপজান, খাৰজান, বাদলাবেটা, লংছোৱাল চাহ বাগিছাকে ধৰি ৯ খন চাহ বাগিছাৰ কৰ্মচাৰীয়ে ১০ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে৷ ক্ষুব্ধ চাহ কৰ্মচাৰীসকলে অভিযোগ কৰা মতে বহুজাতিক চাহ কোম্পানীৰ দ্ধাৰা গঠন কৰি দিয়া চিচিপিএ আৰু অসম চাহ কৰ্মচাৰী সংঘৰ সৈতে হোৱা চুক্তি অনুসৰি আজি পৰ্যন্ত এপিজে টি লিমিটেডৰ বাগিচাত কৰ্মৰত চাহ কৰ্মচাৰীসকলক ১৯ মাহৰ বকেয়া ধন মোকলাই দিয়াৰ পৰা বিৰত আছে বহুজাতিক চাহ কোম্পানীটোৰ মালিক পক্ষই৷

কেবল এয়াই নহয় মালিক পক্ষই চাহ কৰ্মচাৰীসকলৰ লগতে শ্ৰমিকসকলৰ পিএফৰ টকাও চৰকাৰক জমা দিয়াৰ পৰা বিৰত আছে বুলি অভিযোগ তুলিছে৷ ক্ষুব্ধ চাহ কৰ্মচাৰীসকলে জানিব দিয়া মতে দৰ্জনে দৰ্জনে চাহ কৰ্মচাৰীৰ পদ খালি কৰি ৰাখিছে চাহ উদ্যোগপতি কৰণ পালে৷ চাহ কৰ্মচাৰীৰ পেন ডাউন কৰি অৱস্থান ধৰ্মঘটত বহা লগে লগে আজি পুৱাৰে পৰা তালাপ চাহ বাগিচাস্থিত বহুজাতিক চাহ কোম্পানীটোৰ পঞ্জীকৃত কাৰ্যালয়টোত বিৰাজ কৰিছে নিমাওমাও পৰিৱেশে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।