শিৱসাগৰত কা’ৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ তীব্ৰ প্ৰতিবাদ

 01/04/2020 - 17:33

শিৱসাগৰঃ কা’ বিৰুদ্ধে আৰু এই কলা আইন বাতিল কৰাৰ দাবীত শিৱসাগৰত প্ৰতিবাদ। "কা" বিৰোধী আন্দোলনৰ ন ৰূপ দেখিবলৈ পোৱা গল ঐতিহাসিক শিৱসাগৰ নগৰত। শিৱসাগৰ নগৰৰ ঐতিহাসিক বৰপুখুৰী পাৰত ৰংপুৰীয়া ৰাইজে এইবাৰ "কা" বিৰুদ্ধে বৃহৎ মানৱ শৃংখলেৰে সাব্যস্ত কৰিলে প্ৰতিবাদ।

আহোম শাসনকালৰ অষ্টাদশ শতিকাৰ অক্ষয় কীৰ্তি আহোম স্বৰ্গদেউ শিৱসিংহৰ পত্নী মহাৰাণী অম্বিকায়ে ১৭৩৪ ত খন্দোৱা ঐতিহাসিক শিৱসাগৰ বৰপুখুৰীৰ চাৰিওফালে এক বৃহৎ মানৱ-শৃংখলেৰে জাতিধ্বংসী আইন "কা" বাতিল কৰাৰ দাবীত সৱল প্ৰতিবাদ সাব্যস্ত কৰিলে শিৱসাগৰবাসী ৰাইজে। এই কাৰ্য্যসুচীত শিল্পী মানস লগতে বিভিন্ন দ’ল সংগঠনৰ নেতা উপস্থিত থাকে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।