কা’ৰ বিৰুদ্ধে ডিব্ৰুগড়ৰ ডিকমত শিল্পী সমাজৰ তীব্ৰ প্ৰতিবাদ

 01/04/2020 - 18:07

ডিব্ৰুগড়ঃ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ডিব্ৰুগড় জিলাৰ ডিকম ৰাজপথলৈ শনিবাৰৰ পুৱাৰ পৰাই ওলাই আহিল শ শ ৰহমৰীয়াবাসী ৰাইজ। গাঁও আৰু চাহ বাগিছা শ্ৰমিকৰ হেজাৰ হেজাৰ প্ৰতিবাদকাৰীয়ে ডিকমৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি ডিকমৰ পৰিৱেশ উত্তাল কৰি তোলে। কা’ বাতিল নকৰিলে ৰহমৰীয়া, গড়পৰা কোৱৰ গাঁৱৰ শিল্পী সমাজৰ ৰাইজে ডিকম ৰাজপথত অনুষ্ঠিত হোৱাৰ প্ৰতিবাদী সভাত ঘোষণা কৰে। যোৱা কেইদিন ধৰি ডিকম ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নাগৰিকত্ব আইনৰ বিৰুদ্ধে লোৱা প্ৰতিবাদী কাৰ্যসূচীৰে প্ৰশাসনী ব্যৱস্থাক অচল কৰি দিয়াৰ পৰিলক্ষিত হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।