বিশ্বনাথৰ গুটিবাৰিত লোমহৰ্ষক হত্যাকাণ্ড

 01/06/2020 - 14:49

বিশ্বনাথঃ বিশ্বনাথৰ তিনিসুতি আৰক্ষী চকীৰ অন্তৰ্গত গুটিবাৰি গাঁৱত লোমহৰ্ষক হত্যাকাণ্ড৷ ছাবিৰ আলি নামৰ এজন লোকৰ দাৰ ঘাপত প্ৰান গ'ল দেৱব্ৰত প্ৰসাদ নামৰ এজন লোকৰ৷ ভুমি বিবাদ কেন্দ্ৰীক সংঘাতৰ বাবেই সংঘটিত হ'ল এই ঘটনা৷

ছবিৰৰ আক্ৰমণত লগতে আহত হৈছে দেৱব্ৰত প্ৰসাদৰ পত্নী, পুত্ৰ আৰু জীয়ৰী৷ সম্প্ৰতি সকলোকে ভৰ্তি কৰা হৈছে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত৷ বিবাদিত ভুমিত গছ পুলি ৰোৱাক কেন্দ্ৰ কৰিয়েই সংঘটিত হ'ল ঘটনাটো৷ ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ছাবিৰ আলিক৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।