হাউলীৰ হালাপাকুৰীত হাইস্কুল-হাই মাদ্ৰাছা শিক্ষান্ত পৰীক্ষা কেন্দ্ৰ পৰিচালনা সমিতি গঠন

 01/06/2020 - 15:09

হাউলীঃ বৰপেটা জিলাৰ হাউলীৰ ওচৰৰ হালাপাকুৰী হাই মাদ্ৰাছা হাইস্কুল/হাই মাদ্ৰাছা শিক্ষান্ত পৰীক্ষা কেন্দ্ৰ পৰিচালনা সমিতি গঠনাৰ্থে এখন সাধাৰণ সভা বৰপেটা সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খানৰ পৌৰোহিত্যত মাদ্ৰাছা প্ৰাংগনত অনুষ্ঠিত হয়| সভাত বিগত ২০১৯ বৰ্ষৰ হিচাপৰ প্ৰতিবেদন দাখিন কৰে হিচাপ পৰীক্ষকদ্বয় ছাহদুল্লাহ আহমেদ আৰু জয়নাল আবদিনে|

ইয়াৰ পূৰ্বে বিগত কেন্দ্ৰ পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাৰ কাৰ্যবিবৰণী পাঠকৰে কেন্দ্ৰ পৰিচালক ৰমজান আলী আহমেদে| উক্ত সভাত আগন্তুক ২০২০ বৰ্ষটোৰ কাৰণে স্থানীয় প্ৰাক্তন বিধায়ক আঃৰহিম খানক সভাপতি আৰু হালাপাকুৰী হাই মাদ্ৰাছাৰ অধীক্ষক ৰমজান আলী আহমেদক সাধাৰণ সম্পাদক হিচাপে হালাপাকুৰী হাই মাদ্ৰাছা মেট্ৰিক পৰীক্ষা কেন্দ্ৰ পৰিচালনা সমিতি গঠন কৰে|

সভাত হাউলীস্থ বৰপেটা ডায়েটৰ প্ৰৱক্তা দেৱান ফজলুৰ ৰহমান, বৰনগৰ কলেজৰ প্ৰৱক্তা জাহেৰুল আলম, জিলা আমছুৰ উপ সভাপতি আঃজুব্বাৰ আলী, অৱসৰ প্ৰাপ্ত শিক্ষক হাচান আলী, অৱসৰপ্ৰাপ্ত অধ্যাপক ওৱাৰিছ আহমেদ, সাংবাদিক দিদাৰ হুছেইনসহ ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে|

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।