জাগুনত উদয়াচল দেউৰী যুৱক সংঘৰ সৌজন্যত দুদিনীয়া কাৰ্য্যসূচীৰে ষষ্ঠ বাৰ্ষিক সেউজীচৰা অনুষ্ঠানৰ আয়োজন

 01/06/2020 - 17:28

জাগুনঃ জাগুনৰ সোণালী জনজাতি দেউৰী গাঁৱত প্ৰতিবছৰৰ দৰে এইবাৰো উদয়াচল দেউৰী যুৱক সংঘৰ সৌজন্যত সোমবাৰৰ পৰা দুদিনিয়া কাৰ্য্যসূচীৰে ষষ্ঠ বাৰ্ষিক সেউজীচৰা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আজি পুৱাই গাঁৱৰ সকলো একত্ৰিত হৈ অনুষ্ঠানৰ পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

এই অনুষ্ঠান আয়োজন কৰাৰ মূল লক্ষ্য হল শিশুক খেলা-ধূলা, গীত নৃত্য সকলোতে পাৰ্গত কৰি তোলা। দিনৰ ভাগত বিভিন্ন ধৰণৰ খেল ধেমালি অনুষ্ঠিত কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীয়ে যাতে সকলো ক্ষেত্ৰতে আগুৱাই যাব পাৰে তাৰবাবে এখন মঞ্চ সেউজী় চৰাই দি আহিছে বুলি উদ্যুক্তা সকলে জানিব দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।