ভূৰাগাঁৱত দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই অহা দুই গভাইত চোৰক জেল হাজতলৈ প্ৰেৰণ

 01/07/2020 - 17:24

লাহৰীঘাটঃ ভূৰাগাঁও অঞ্চলত দীৰ্ঘদিন ধৰি চুৰে সন্তাস চলাই আহিছে। যোৱা ২৭ নৱেম্বৰৰ নিশা ভূৰাগাঁৱৰ বটালিমাৰি গাঁৱৰ কেবাটাও ঘৰত চুৰে চাফাই অভিযান চলাই মবাইলফোন, আ-অলংকাৰৰ লগতে নগদ ধন লক্ষাধিক লুট-পাট কৰি লৈ যায়।

ঘটনা সন্দৰ্ভত গৃহস্থই ভূৰাগাঁও আৰক্ষী থানাত দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে চুৰি হোৱা মবাইলফোন টেক কৰি সোমবাৰে জাগীৰোডৰ পৰা মবাইল ফোনটো উদ্ধাৰ কৰাৰ লগতে চুৰি মবাইল ক্ৰয় কৰা ঋষিকেশ শৰ্মা নামৰ ব্যক্তি জনক আটক কৰি তেওঁৰ ভাষ্য অনুসৰি কুপতিমাৰিৰ পৰা দুই গভাইত চুৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। গ্ৰেপ্তাৰ হোৱা চুৰ দুজন ছাইফুল ইছলাম আৰু লুকমান হেকিম। ভূৰাগাঁও আৰক্ষীয়ে আজি চুৰ দুজনৰ লগতে চুৰি মবাইল ক্ৰয় কৰা ব্যক্তিজনকো জেল হাজতলৈ প্ৰেৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।