মানকাচৰৰ ঝাউডাংগাত দীৰ্ঘদিনে হাই-স্কুল খেলপথাৰৰ মাটিৰ দখল মুক্ত

 01/09/2020 - 14:02

মানকাচৰঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ঝাউডাংগা হাই-স্কুল খেলপথাৰৰ মাটি অবৈধভাবে দখল কৰা ব্যক্তিৰ পৰা বুধবাৰে মানকাচৰ চক্ৰ বিষয়াৰ নেতৃত্বত আৰক্ষী প্ৰশাসনৰ উপস্থিতিত দখল মুক্ত কৰে। লক্ষণীয় যে দীৰ্ঘদীন ধৰি হাই-স্কুল খেলপথাৰ খনৰ পূৱ ফালৰ উত্তৰৰ পৰা দক্ষিণ লৈ প্ৰায় ১০ ফুট দৈৰ্ঘ্য মাটি ‍১১ গৰাকী ব্যক্তিয়ে দখল কৰি ঘৰ-বাৰি, পকী দেৱাল নিৰ্মাণ কৰিছিল।

হাই-স্কুলৰ ফালৰ পৰা উক্ত ব্যক্তি সকলক বাৰম্বাৰ মাটি খিনি মোকলাই দিয়াৰ বাবে অনুৰোধ জনাইছিল যদিও তেওঁলোকে হাই-স্কুল কতৃপক্ষৰ অনুৰোধ প্ৰত্যাখ্যান কৰিছিল ফলত ঝাউডাংগা হাই-স্কুল, জি পি সভাপতি, ঝাউডাংগা ক্লাব, ৰাংগাপানি সমাজ কল্যাণ সমীতিয়ে পথাৰখনৰ মাটি দখল কৰা ব্যক্তি সকলৰ বিৰুদ্ধে সংশ্লিষ্ট বিভাগৰ ওচৰত অভিযোগ দাখিল কৰিছিল সেই মৰ্মে বুধবাৰে মানকাচৰ ৰাজহ চক্ৰ বিষয়া কৰ্মচাৰী, মানকাচৰ আৰক্ষী চক্ৰ বিষয়া, মানকাচৰ আৰক্ষী থানাৰ ভৰপ্ৰাপ্ত বিষয়াকে ধৰি আৰক্ষী বেটেলিয়ানৰ উপস্থিতিত দীৰ্ঘদিন ধৰি বলপূৰ্বক ভাবে দখল কৰি থকা হাই-স্কুল খেল পথাৰৰ মাটি খিনি দখল মুক্ত কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।