নলবাৰীত আছুৰ ৰণশিঙা

 01/09/2020 - 15:01

নলবাৰীঃ নলবাৰীত আছুৰ ৰণশিঙা। নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত 'কা' বিৰোধী প্ৰতিবাদ। ঢোল-খোল-ভোৰ তাল-নাগাৰা শঙ্খ আদি লোক বাদ্য বজাই প্ৰতিবাদ সাব্যস্ত আছুৰ। ঢোল ভোৰ তাল নাগাৰাৰ শব্দত নিনাদিত হ’ল নলবাৰীৰ আকাশ বতাহ। জাতিধ্বংসী সংশোধিত নাগৰিকত্ব আইন বাতিল কৰাৰ দাবীত বৃহস্পতিবাৰে লোকবাদ্য বজাই শুই থকা অসম চৰকাৰক জগাবলৈ প্ৰয়াস প্ৰতিবাদকাৰীৰ। বিতৰ্কিত 'কা' বাতিলৰ দাবীত নলবাৰীত ধাৰাবাহিক ভাৱে হৈছে আন্দোলন। এই প্ৰতিবাদস্থলিত শিল্পী সাহিত্যিক মহিলা নেত্ৰী, ছাত্ৰ-ছাত্ৰী সকলোৱে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।