কা বাতিলৰ দাবীত ধেমাজি কাছাৰী ময়দানত আছু, যুৱ-ছাত্ৰ পৰিষদ, শিল্পী সমাজৰ উদ্যোগত হাতে হাতে দেৱবাদ্য-লোকবাদ্য লৈ 'ৰণশিঙা'

 01/09/2020 - 17:55

গোগামুখঃ নাাগৰিকত্ব সংশোধনী আইন ২০১৯ চমুকৈ কা বাতিলৰ দাবীত সমগ্ৰ ৰাজ্যজুৰি ধাৰাবাহিক প্ৰতিবাদ অব্যাহত থকাৰ সময়তে ধেমাজিস্থিত ৰংচতিওৱা পথাৰত অসম চৰকাৰৰ শান্তি প্ৰগতি ঐক্য সমদলৰ পাছতে বুধবাৰে বিজেপিক প্ৰত্যুত্তৰ দিবলৈ পুনৰবাৰ ধেমাজিত কা বিৰুদ্ধে ৰাইজ ধেমাজি কাছাৰী ময়দানত একত্ৰিত হয়। হাতে হাতে খোল, তাল, ঢোল, দবা,শংখ লৈ প্ৰতিবাদী কাৰ্যসূচী ৰণশিঙাত অংশগ্ৰহণ কৰিব প্ৰতিকূল বতৰকো নেওচি স্বতঃস্ফূৰ্তভাৱে উলাই অহা দ'ল সংগঠনৰ লগতে ধেমাজিৰ একলক্ষাধিক জনতাই পুনৰবাৰ কাছাৰী ময়দানৰ পৰা প্ৰমাণ কৰি দিলে জাতিধ্বংশী নাগৰিকত্ব আইন ধেমাজিবাসীয়ে কোনো কাৰণতে মানি নলয়।

এই বিশাল ৰণশিঙা কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছুৰ সা:সম্পাদক লুৰিণজ্যোতি গগৈ, AJYCP ৰ সম্পাদক পলাশ চাংমাই, গণশিল্পী মহেন্দ্ৰ হাজৰীকা আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ নেতৃবৃন্দই। লুৰিণ জ্যেতি গগৈয়ে চৰকাৰক আচঁনিৰ লোভ দেখুৱাই ভোট ভিক্ষা চৰকাৰৰ, জনতাৰ ধনেৰে হোৱা আচঁনি ৰাইজে গ্ৰহণ কৰক এই আচঁনি টকা কোনো মন্ত্ৰী আমোলাৰ নহয়, ধেমাজিৰ বানপানীৰ মূল জগৰীয়া চৰকাৰ, ৰাজসাহাৰ্য গ্ৰহণ কৰি ৰাইজক কোঙা কৰা পিছতো ভোট নিদিলে ৰাইজে সুবিধা নাপাব বুলি ভয় ভাবুকি ৰাইজক, হিমন্তৰ পাঁচলাখ বিদেশীৰ পাঁচটা সমষ্টিৰ তুলনা, উদাহৰন থাওৰা সমষ্টি, মৌলিক প্ৰশ্ন ১. অপপ্ৰচাৰ কৰিছে ভিজন ডকোমেন্ট পৰিক্ষা কৰক, ২.৭১ পিছত অহা বিদেশী চিনাক্ত কৰি বাহিৰ কৰা, ৩. ৫লক্ষ্য ৪লক্ষ্য অপ প্ৰচাৰ, ৪. ইনাৰলাইন পাৰমিট অসমত প্ৰবৰ্তন নহয় অপ প্ৰচাৰ বাক্যবান নকবলৈ সৰ্বানন্দলৈ হুংকাৰ,প্ৰ লোভনৰ ৰাজনীতি নচলাবলৈ সকীয়নি দিয়ে।

চৰকাৰৰ আচনিৰ ধন ৰাইজে গ্ৰহণ কৰক, আপত্তি নাই কাৰণ সেইয়া ৰাইজৰে ধন, ধেমাজিৰ শান্তি সমদলৰ পিছতে ধেমাজি থলুৱাগীৰিয়ে ধেমাজি কাছাৰী ময়দানত প্ৰমাণ কৰি দিলে চৰকাৰৰ বিৰুদ্ধাচৰন কৰি স্বতঃস্ফূৰ্তভাৱে ওলাই আহি, নাগৰিকত্ব সংশোধনী আইন, কোনো কাৰনতে মানি নলয়, ২০২১ত বিজেপি চৰকাৰক পুলিয়ে পোখাই উৎখাত কৰিবলৈ ৰাইজক আহ্বান জনায় ছাত্ৰ নেতা গৰাকীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।