অখিল গগৈক জেললৈ পঠিয়াই দহ জানুৱাৰীৰ পৰা ৰাজ্যত টোলগেট খুলিব চৰকাৰেঃ কৃষক মুক্তিৰ অভিযোগ

 01/10/2020 - 13:26

ডবকাঃ জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যবাসীয়ে আন্দোলন অব্যাহত ৰখাৰ মাজতেই দহ জানুৱাৰীৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথত খুলিব টোলগেট৷ ৰাজ্যৰ ৮ স্থানত মুকলি হ’ব টোলগেট৷ দৈনিক ৬০ লাখ টকা ৰাজহ সংগ্ৰহ কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে৷ মুকলি হ’ব ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপত ৰহা, নাজিৰাখাট, মদনপুৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চলপাৰা, পাতগাঁও আৰু ৩৬ নং ৰাষ্টীয় ঘাইপথ ডবকাৰ মিকিৰ আটি হাওগাও৷ কিন্ত ডবকাৰ মিকিৰ আটি হাওগাঁৱত টোলগেটৰ কোনো চিনচাপেই নাই৷ ডবকাৰ পৰা কুৰি কিলোমিটাৰ নিলগত হোজাই শংকৰদেৱ নগৰত আছে এটা টোলগেট৷ উক্ত টোলগেটটো জহিখহি গৈছে৷ ক্ষোভ কৃষক মুক্তি আৰু স্থানীয় ৰাইজৰ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।